ভূতৰ জীয়া কাহিনী~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ভূতৰ জীয়া কাহিনী কিতাপখনত দুটা ভৌতিক গল্প প্ৰকাশ পোৱাৰ আনন্দত পুৱাই অতনু প্ৰকাশকৰ ঘৰ পালেগৈ ৷ ৰঙা কাগজ এখনৰে প্ৰকাশকে ধুনীয়াকৈ  পেকিং কৰি দিয়া গল্প সংকলনখনৰ কপি এটা বেগত ভৰাই সন্ধিয়া সাত বজাৰ ফ্লাইটেৰে সি দিল্লীলৈ উভতিল ৷ 
৫ ঘন্টাৰ দিঘলীয়া যাত্রাৰ অন্তত ৰাতি প্ৰায় ১২মান বজাত সি তাৰ নয়ডাৰ ঘৰ পালেগৈ ৷
টেক্সিৰ পৰা নামি এপাৰ্টমেণ্টৰ গেটখন পাওঁতেই পিছফালৰ পৰা ড্ৰাইভাৰজনে তাক মাত দি ক'লে চাহাব আপকা পেকেট ৷ 
ড্ৰাইভাৰজনৰ হাতত  ৰঙা কাগজৰে মেৰিওৱা পেকেটটো দেখি সি লেপটপৰ বেগটোৰ পৰা প্ৰকাশকে দিয়া কিতাপখন কেতিয়ানো টেক্সিত ওলাই পৰিল তৰ্কিবই নোৱাৰিলে ৷
   কিতাপখনৰ পেকটটো হাতত লৈ সি নিজৰ ফ্লেট পালেগৈ ৷ জীয়ৰী ৰিমাই দৰ্জাখন খুলি দিয়াত সি চিধাই ষ্টাডি ৰুম পালেগৈ ৷  লেপটপটো বেগৰ পৰা উলিয়াই ড্ৰয়াৰত থব লঁওতেই বেগৰ ভিতৰত ৰঙা কাগজেৰে মেৰিয়াই থোৱা কিতাপৰ আনটো পেকেট দেখি তাৰ মনত খেলি মেলি লাগি গ'ল ৷ তাক প্ৰকাশক জনে পুৱা এটাহে পেকেট দিছিল ৷ তেনেস্থলত দুটা পেকেট ক'ৰ পৰা আহিল ? টেবুলৰ ওপৰত থকা আনটো  কিতাপৰ ৰঙা পেকেট হাতত লৈ সি আকৌ ভালদৰে এফালৰ পৰা ফহিয়াই গল কিন্ত প্ৰকাশকজনে দুটা পেকেট দিয়া কথাটোহে মনত পেলাব নোৱাৰিলে ৷ মনত এটা ৰহস্যপূৰ্ণ সাথঁৰ লৈ মুখ হাত ধুই পত্নী ৰশ্মিয়ে দিয়া চাহ কাপ খাবলৈ  বহিল ৷ চাহৰ কাপত চুমুক দিওতেই ৰশ্মিয়ে সেইদিনা ডাকত অহা পেকেট এটা তাৰ হাতত তুলি দিলে ৷ পেকেটটো খুলিয়েই প্ৰকাশক জনে দিয়া  সাইলাখ একে ৰঙা কাগজেৰে মেৰিওৱা কিতাপৰ পেকেটটো দেখি সি শিঞৰি উঠিল ৷ প্ৰকাশক জনে তালৈ ডাকত কিতাপখন পঠিওৱাৰ কথা এবাৰটো কোৱা নাছিল ৷ তেনেহ'লে এইখন আকৌ ডাকত কিয় পঠিয়ালে ? সকলোবোৰ কথাই যেন ঘন ৰহস্যৰ আৱৰ্তত সোমাই পৰিব ধৰিছে ৷ ডাকত অহা কিতাপৰ পেকেটটো বাকী দুটাৰ লগত ড্ৰয়াৰত ভৰাই থৈ মনত অযুত ৰহস্য ভৰা প্ৰশ্নলৈ অতনু বিচনাত বাগৰি পৰিল ৷
ৰাতিপুৱাই টোপনিৰ পৰা উঠিয়েই  প্ৰকাশক জনক ফোন কৰি মনৰ খুদুৱনি বোৰ আতঁৰ কৰিবলৈ বুলি অতনুৱে ষ্টাডি ৰুমলৈ গ'ল ৷ ড্ৰয়াৰটো খুলি মাত্র এটা ৰঙা পেকেট দেখি বিশ্ময়ত তাৰ চকু ডাঙৰ হৈ পৰিল ৷ ৰশ্মি আৰু ৰীমা এতিয়াও দেখোন বিছনাত তেনেহলে বাকী দুটা পেকেট গল ক'ত? কোনে নিলে ? বিশ্ময়ত  কাক কি ক'ব কি সুধিব ভাবি অতনু কিংকৰ্তব্যবিমোৰ হৈ পৰিল ৷ সি ভাবি ভাবি যেন পাগল হৈ যাব ৷ এক অজান শিহৰণ মনত লৈ ৰঙা কাগজৰ আৱৰণটো গুচাই কিতাপখন উলিয়াই সি বেটুপাতৰ পৰা আওৰাই গ'ল ' ভূতৰ জীয়া কাহিনী'...................

🖋️চুমিন্দ্ৰ চৌধুৰী,  নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)