বৰষাৰ টোপালৰ দৰে
কেতিয়াবা অভিমান কৰি
আকাশৰ মেঘ হৈ
বহু দূৰলৈ গুচি যায় ।
আকৌ,কেতিয়াবা আমাৰ
কাষলৈ নামি আহে ,
আমাৰ সপোনবোৰো
জীপাল হৈ উঠে ।
আশাবোৰ ফুলৰ দৰে
ফুলি উঠে ।
কিন্তু, কেতিয়াবা
গৰাখহনীয়াৰ দৰে
জীৱনটোও খহি যাব ধৰে,
সকলো শেষ হৈ
যাব যেন লাগে !
বৰষা, বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে ।
✍️চন্দন দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ