বাস্তৱৰ ঠিকনা~হুমায়ুন কবিৰ

Rinku Rajowar
0
অপ্ৰয়োজনীয় ভাৱৰ
মায়াত সোমাই পৰিছিলো,
দিঠকৰ বাট হেৰুৱাই
অচিন সাগৰত ডুব গৈছিলো।
পাহৰি পেলাইছিলো সেই বাস্তৱ
য'ত সকলো স্থিৰ আৰু সুস্পষ্ট,
পৰিছন্ন আৰু সুমধুৰ
ধাননি পথাৰৰ দৰে সেউজীয়া আৰু নিমজ্জ,
মোৰ বহল অস্তিত্বৰ
এটি কিৰণৰ দৃষ্টি লাভ কৰিছিলো।
পাইছিলো জীয়াই থকাৰ এটি ঠিকনা
পৰিচয়ৰ পৃষ্ঠাত
নিজৰ শ্ৰম লিখাৰ
এক দায়িত্ববোধৰ ঝংকাৰৰ সৃষ্টি হৈছিল
হয়তো এইয়াই বাস্তৱৰ ঠিকনা।

          ✍️ হুমায়ুন কবিৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)