তুলসী গছ আৰু ইয়াৰ উপকাৰিতা

Rinku Rajowar
0
তুলসী হ'ল এবিধ সেউজীয়া গুল্মজাতীয় উদ্ভিদ । ই দুই প্ৰকাৰৰ । কৃষ্ণ তুলসী আৰু ৰাম তুলসী । ভাৰতীয় সংস্কৃতিত তুলসীক পৰম পবিত্ৰ বুলি জ্ঞান কৰা হয় । কোৱা হয় যে যাৰ ঘৰত তুলসী নাই, তেওঁৰ ঘৰত ভগৱানেও থাকিবলৈ পচন্দ নকৰে । তুলসী গছ থকা স্থানৰ আশে পাশে প্রবাহিত জলবায়ু বিশুদ্ধ হৈ থাকে যাৰ দ্বাৰা শৰীৰ আৰু মন সুস্থ হৈ হয় । তুলসীৰ বিশেষ গুণাগুণৰ বাবে ইয়াক পূজনীয় বুলি মানি দেৱীৰ স্থান দিয়া হৈছে । ঘৰৰ চোতালত তুলসী লগাই পূজা কৰিলে কলহ আৰু দৰিদ্ৰতা দূৰ হয় বুলি বিশ্বাস কৰা হয় । তুলসী কেৱল আমাৰ ধৰ্মীয় আস্থাৰ প্ৰতিক নহয়,ঔষধি গুণাগুণৰ সমৃদ্ধতাৰ বাবে ইয়াক আয়ুৰ্ৱেদতো মহত্বপূৰ্ণ স্থান দিয়া হৈছে ।
এনে কেইটামান ঔষধি গুণাগুণৰ বিষয়ে জানো আহক ।
(১) তুলসীৰ ১০-১২ টামান পাত গৰম পানীৰে ধুই নিয়মিত ৰুপত খালে যকৃতৰ ৰোগসমূহৰ পৰা হাত হাৰি থাকিব পাৰি ।
(২) পেট বিষ হ'লে এচামুচ তুলসী পাত পিহি পানীৰ লগত মিহলাই ডাঠ পেষ্ট তৈয়াৰ কৰি সেই পেষ্ট নাভি আৰু পেটৰ আশে পাশে আৰাম পোৱা যায় ।
(৩) তুলসীৰ পাতে কাহ হোৱাৰ পাছত ডিঙিত জমা হোৱা কফ চাফা কৰাৰ ক্ষেত্ৰত সহায় কৰে । প্ৰায় সকলো ধৰণৰ কফ চিৰাপ তৈয়াৰ কৰিবলৈ তুলসীৰ পাত ব্যৱহাৰ কৰা হয় । তুলসীৰ পাত আৰু আদাৰ টুকুৰা কিছু সময়ৰ মূৰে মূৰে খাই থাকিলে কাহ আৰু কফৰ পৰা অব্যাহতি পাব পাৰি ।
(৪) তুলসীয়ে তেজত থকা কলেষ্টৰলৰ মাত্ৰা কম কৰে । সেয়ে হৃদৰোগীসকলৰ বাবে ই বিশেষ কার্যকৰী বুলি প্ৰমাণিত ।
(৫) তুলসীৰ শুকান পাত সৰিয়হৰ তেলৰ লগত মিহলাই দাঁত চাফা কৰিলে মুখৰ দূৰ্গন্ধ দূৰ হয় ।
(৬) ৰক্তচাপ সামান্য কৰি ৰাখিবলৈ নিয়মিত ৰুপত তুলসীৰ পাত খোৱা উচিত ।
(৭) তুলসী হ'ল এবিধ শক্তিশালী এণ্টি ভাইৰেল । সেয়ে পৰিৱৰ্তনশীল বতৰত চাহ খাবলৈ উতলোৱাৰ সময়ত তাত কেইটামান তুলসীৰ পাত মিহলাই দিব লাগে । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)