লিখক- আজিজুৰ ৰহমান
তুমি হেনো অসীম ক্ষমতাৰ গৰাকী?
সত্ত্বঃ ৰজঃ তমো গুণৰ অধিকাৰী।
তুমি হেনো জ্ঞান!
তুমি হেনো বিজ্ঞান!
তুমি হেনো ৰচয়িতা!
তুমি হেনো প্ৰণেতা!
এন্ধাৰক পোহৰ, পোহৰক এন্ধাৰ কৰ্তা,
তুমিয়েই হেনো জীৱ জগতৰ সৃষ্টি কৰ্তা?
তুমি যদি ধৰণীৰ অন্নদাতা
তেন্তে কিয় আমাৰ মাজত কৰিছা ভিন্নতা?
কাৰোবাক দিছা সাত মহলীয়া ভৱন।
কাৰোবাৰ মূৰৰ ওপৰেৰে যায় ৰ'দ,বৰ্ষা,পৱন,
ৰাজ পথ আৰু গছৰ তল কাৰোবাৰ বাবে আপোন।
কোনোবাই বিলাসীতাৰ নামত অপচয় কৰিছে।
কোনোবাই এমুঠি অন্নৰ বাবে লোকৰ ঘৰে ঘৰে
অনাই-বনাই ফুৰিছে।
শীতৰ সেমেকা ৰাতি ৰাজ পথৰ বুকুত
কণ কণ শিশু মুক্ত বিচৰণ কৰিছে,
পিতৃ-মাতৃ আৰু বস্ত্ৰহীন মণি-মুকুতা যেন
দৰিদ্ৰতাৰ সাগৰত উটি-ভাঁহি ফুৰিছে।
হে ঈশ্বৰ....
এয়া জানো তোমাৰেই লীলা-তোমাৰেই সৃষ্টি?
তুমি হেনো মহান! তুমি হেনো দয়াবান!
তেন্তে কিহৰ এই অবিচাৰ?
কিয় এই অত্যাচাৰ?
হে ঈশ্বৰ....
তুমি আমাৰ মাজৰ ভিন্নতা বোৰৰ কৰি দিয়া অৱসান,
লিখিব নজনা এই কবিৰ তোমালৈ এয়াই শেষ আহ্বান।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ