প্ৰেম এক প্ৰকাৰৰ যন্তণা~বিষ্ণু পণ্ডিত

Rinku Rajowar
0
প্ৰেমৰ কোনোবা এটা দূৰ্বল মূহুৰ্তত তাই গৰ্ভৱতী হৈ যায়.....! তাই গমেই নাপালে😞
নাড়ীৰ ভিতৰত কিবা এটাই যেতিয়া পাক খাই উঠি আহে তেতিয়াই তাই বিচনাখনত বাগৰি পাৰে...!
📞ফোনটো ৰিচিভ নকৰে সি....! 
তেতিয়াই তাই বুজি পায় এয়া তাইক প্ৰতাৰণা কৰি গুছি গ'ল সি...!
ঘনাই ফোন কৰে তাই .....
পদুলিলৈ বাট চাই .....
ওহোক সি উভতি অহাৰ ক্ষীণ আশাকনো নাই ৷ তাই সংকেত পাইছে নিজৰ মনৰ আকাশখনৰ পৰা ৷ 😭
বিজুলী মাৰি বৰষুণ জাক আহিল মুষলধাৰে তাই আকাশলৈ চালে ...! সেইখন আকাশ যেন আজি তাইৰ চিনাকি নহয়.....! 
ডাৱৰীয়া আকাশ.....!
আকৌ তাই ফোন লগালে মৃন্ময়লৈ...! তাৰ ৰিং হৈ থাকিল ..! ইফালে মেঘালীৰ বুকুত বাজি থাকিল বিষাদৰ কিছু হুমুনিয়াহ....!
বহুসময় ৰিং কৰি থকাৰ পিছত নধৰে বুলি কাটি দিব খোজোতেই সি ফোনটো ৰিচিভ কৰিলে..! 
…… ও কোৱা
ইমান সময় ফোন কৰি আছো তুমি কিয় ……
মেঘালীৰ কথাখিনি শেষ নহওঁতেই সি কলে, অলপ ব্যস্ত আছিলোঁ..!
এতিয়া ফ্ৰি আছ নে....? উম আছোঁ...!
মোৰ কিবা এটা হৈছে মৃন্ময় … কি হৈছে 
মূৰ ঘূৰাই , বমি বমি লাগে … অহ্ বতৰৰ বাবে হৈছে ! এইটো কি ডাঙৰ কথা..! ঔষধ খাবা আকৌ...!
তুমি কথাবোৰ সহজ ভাবে লৈছা মৃন্ময় ! 
মই বুজা নাই ,তুমি কি ক'ব বিচৰিছা..! 
সেইদিনা তুমি মোৰ লগত কি কৰিছিলা....!
মানা কৰা পিছতো তুমি মোক ....
আজি মই গৰ্ভৱতী ....!
তাইৰ কথাত সি অলপো বিধস্ত ন'হল ! 
সমাধান দিলে ডাক্তৰ আছে নহয়..! মিছামিছি চিন্তা কৰিছা....!
পোৱালীটো নষ্ট কৰিবা মেঘালীৰ চকুত চকুপানী !
উম্ নহলে আৰু উপাই কি..?
… এয়া তুমি কি কৈছা 
সঁচা কৈছোঁ ....! 
কিন্তু কিয় ....?
মই তোমাক এতিয়াই টো বিয়া পাতি নিব নোৱাৰো 
মোৰ বহুত কাম আছে কৰিবলগীয়া...! সেয়ে কৈছোঁ ডাক্তৰৰ ওচৰলৈ যাব লাগিব..! 
মই নিদিওঁ সন্তান নষ্ট কৰিবলৈ..! এয়া মোৰ প্ৰথম সন্তান ! হুক্ হুকাই কান্দি উঠিল তাই..! ধেইৰ কিবাকিবি কয় তাই ফোনত তাক...! 
তাৰ কথাবোৰ শুনা নাপাই ফোনতো চকুৰ আগলৈ টানি আনে মেঘালীয়ে 
তাই অকলেই কৈ আছে ফোনত কথাবোৰ...! মৃন্ময়ৰ ইতিমধ্যে 15 মিনিট আগতেই কল বিচন্ন হৈ আছে....তাই গমেই নাপাই 😔😔😔
দিন বাগৰিল :-
এতিয়া তাইৰ ওচৰত সকলোবোৰ ভাল লগা শেষ হৈ বাকী থাকিল হিয়াভঙা কেইটামান হুমুনিয়াহ..আৰু তাইৰ গৰ্ভত এটা নিস্পাপ শিশু …!
যাক হয়টো পৃথীৱীৰ পোহৰ দেখাবলৈ তাই অশেষ কষ্ট কৰিব লাগিব...! যাক পিতৃৰ পৰিচয় দিব লগা হলেই তাই চকুপানী টুকিব..! হৃদয়ত গোট মাৰি থকা বৰফখিনি ক্ৰমশঃ
বাৰিষাৰ জীয়া ধলৰ ৰূপ ললে ......
গান এটাৰ সুৰ ভাহি আহিল..সিটো ৰূমৰ পৰা কোনে জানো বজাই থৈছিল জুবিন দাৰ সেই গীতটো.......
নিয়ৰে টোপে টোপে মাথো সৰে.....খিড়ীকিৰে সিপাৰে....
কাণ পাতি শুনিলে এবাৰ তাই..............আৰু এটা উশাহ এৰি দিলে...!

🖋️বিষ্ণু পণ্ডিত
বিশ্বনাথ চাৰিআলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)