প্ৰেম বনাম অভিনয়~অণুগল্প-ৰুমী দত্ত কলিতা

©Admin
0
স্নিগ্ধ জোনাকৰ মায়াসনা আলোকে নীলাক্ষীৰ মন মতলীয়া কৰি তোলে... তাই মনে মনে ভাবি আছে মাথো সেই হেৰাই যোৱা আবেলিটিৰ কথা।
নীলাকাশৰ তলত বহিলে তাই বৰ অকলশৰীয়া অনুভৱ কৰে । তাইটো এনে বহু সন্ধিয়া বন্তিগছি জ্বলাই বাহিৰলৈ আহি বহু সময় পলাশৰ সতে কথা পাতে ।
সিয়েইতো তাইক কৈছিল... পলাশে-মদাৰে আবিৰ সানিলে বেথা আঁতৰিব হৃদয়ৰ পৰা ।

সিয়েইতো কৈছিল- তোমাক মই জীয়াই ৰাখিম মোৰ উকা কাগজৰ মায়াবী পৃষ্ঠাবোৰত সযতনে. ..
আৰু কৈছিল- তুমি কেতিয়াও আজিৰ পৰা অকলশৰীয়া অনুভৱ কৰিব নালাগে।
তাই ভাবি থাকোতেই কেতিয়ানো জোনটি ডাৱৰে ঢাকি পেলালে গমকে নাপালে ...
              তাই খন্তেক মৌন হৈ আকৌ ভাবিবলৈ ল'লে- সেই পলাশ আজি ক'ত হেৰাল ? 
তাই নিজকে সুধিলে - সেইয়াই সঁচা প্ৰেম আছিল নে ... নে তেওঁ নাট্যকাৰৰ দৰে নাটক ৰচিলে ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)