আৱেগ-প্ৰজ্ঞা দেৱী ভূঞা

©Admin
0
আৱেগৰ বোজাবোৰ
কিমান বেছি গধুৰ হ'লে
আনৰ কান্ধলৈ থেলি দিব নোৱাৰি?
উদং বুকুৰ সোঁমাজত
পৰিপক্কতাৰ জৰীৰে মেৰিয়াই
কিমান অব্যক্ত আৱেগ বান্ধি ৰাখিব পাৰি?
আৱেগৰ কিমান ভৰত বিকলাংগ হ'ব পাৰে
হৃদয় কিম্বা মস্তিষ্ক?
কিমান বিষাক্ত আৱেগবোৰ?
কেঁচা তেজৰ দৰে কেঁচেমা,
নে সেন্দুৰৰ ৰঙৰ দৰে তীব্ৰ তেজাল?
নিপোটল শেঁতেলিত নিস্প্ৰাণ হৈ
আৱেগবোৰ ঢলি পৰিব পাৰেনে?
নে আত্মা হৈ হাজাৰটা টোপনি হৰে?
উৱঁলি যোৱা আৱেগবোৰে
পিয়াপি দি ফুৰা আৱেগবোৰ
বশ কৰিব পাৰেনে?

আৱেগবোৰ আৱৰণ খুলি উলঙ্গ হয়
কেতিয়াবা অপেক্ষিত আৰু
কেতিয়াবা উপেক্ষিত হৈ ৰয়।
ৰাতিৰ আন্ধাৰত আৱেগবোৰে কান্দে;
আৱেগবোৰ কুৰুকি কুৰুকি সোমাই যায়,
গভীৰৰ পৰা গভীৰতৰলৈ......।

✍️ প্ৰজ্ঞা দেৱী ভূঞা
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)