সচৰাচৰ শুনিবলৈ পোৱা যায় , " জীৱনত কোনো বস্তু লাভ কৰিবলৈ কোনো বস্তু হেৰুৱাব লগা হয়।" কথাষাৰ অৱশ্যে সচাঁ। কিন্তু যৎসামান্য বস্তুৰ বিনিময়তো বহু মূল্যৱান সম্পদ লাভ কৰাৰো উদাহৰণ আছে।
তেতিয়া সময় ৰাতিপুৱা ৪ বাজিছে । মোৰ দৰে একোটা নিশাচৰ প্ৰাণীৰ বাবে এইয়া নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰা সময় । পিছে আজি শুবলৈ মন নগ'ল । তাৰ পৰিৱৰ্তে খিৰিকী খন খুলি বাহিৰলৈ চাই ৰলো । আকাশখন পোহৰাই আনিছে । মোৰ কোঠাৰ খিৰিকী খন পশ্চিম দিশে হোৱাৰ বাবে সূৰ্য উদয়ৰ সঠিক উমান পোৱা নাযায়।
চৰাই চিৰিকটিৰ কিচিৰ-মিচিৰ মাত আৰম্ভ হোৱাত উমান কৰিলোঁ যে এয়া সূৰ্য উদয় হোৱা সময় । ঘৰৰ টিনপাতৰ পৰা টোপ টোপকৈ নিয়ৰ সৰাৰ মধুৰ শব্দ এক যেন মায়াময় পৰিৱেশ । অৱশ্যেই মোৰ দৰে নিশাচৰ প্ৰাণীৰ বাবেই ই কোনো সুন্দৰ সপোনতকৈ কম নহয়। নিদ্ৰা ত্যাগ কৰাৰ চেষ্টা কৰিছোঁ যদিও অলপ অসুবিধা হৈছে।
উপায় নাই! অৱশেষত মুখ হাত ধুই কফি কাপত শুহা মাৰিবলৈ বাধ্য হলো। নাই এনেদৰে নিৰস ভাবে কফি পান কৰাত কোনো মধুৰতা নাই। দুৱাৰখনৰ হুক কেইডাল খুলি দি লাহেকৈ দুৱাৰখন ঠেলা মাৰি দিলোঁ।
"কে-ৰে-ক" দুৱাৰখন শব্দ কৰি মেল খালে । বাহিৰখন উদিত হ'ব লগা সূৰ্য্যৰ পোহৰে ৰাঙলী কৰি ৰাখিছে। এখোজ দুখোজকৈ ঘৰৰ বাৰান্দাত থিয় হলো । দীঘলকৈ উশাহ এটা ললোঁ । পুৱাৰ সতেজ হ'ল কিবা যেন উন্মাদনাময় বতাহে গালে- মুখে চুই গ'ল।
আমাৰ বাৰীৰ আম- তামোলৰ গছ কেইজোপাৰ চৌপাশ ৰাঙলী হৈ পৰিছে। ঠিক তেজ ৰঙা নহয় এক পাতল বৰণৰ ৰঙা । যিয়ে মনত প্ৰশান্তিৰ ভাৱনা জগাই তোলে ।এক অনন্য মায়াময় পৰিৱেশ। সৌন্দৰ্য সুধা উপভোগ কৰি বাৰাণ্ডাত বহি পৰিলোঁ । এক বিশেষ ধৰণৰ মানসিক প্ৰশান্তিৰ অনুভৱ হ'ল ।
কিছু সময়ৰ বাবে যেন প্ৰতিযোগিতা মূলক পৰীক্ষা, বিগত বৰ্ষৰ ফলাফল,আদি সকলোবোৰৰ চিন্তা স্মৃতি পটৰ পৰা নাইকীয়া হৈ গ'ল। স্মৃতি শূণ্য হৈ পৰিল। সকলো চিন্তা মাৰ গৈ কেৱল প্ৰকৃতিৰ সৌন্দৰ্য্যই মনত থিতাপি ল'লে। ৰাতিপুৱাৰ চেঁচা বতাহজাকে হৃদয় শাঁত পেলাইছিল।
" ক্ৰিং,,,,,,ক্ৰিং" ম'বাইলত কাৰোবাৰ এলাৰ্ম বাজিছে। মই শব্দটো শুনি হঠাৎ ঘূৰি চালোঁ সেই শান্তিৰ মায়ময় জগতৰ পৰা মনটো উভতি আহিল। লগতে ঘূৰি আহিল পৰীক্ষা আৰু ফলাফলৰ লগত জড়িত অনেক মূলক- অমূলক চিন্তা-চৰ্চাসমূহ অৱশ্যে পূৰ্বৰ দৰে ভাৰাক্ৰান্ত কৰিব পৰাকৈ নহয়। ৰাতিপুৱাৰ এই সুন্দৰ দৃশ্য ৰাজিয়ে এই ভাৰ বহু পৰিমাণে লাঘৱ কৰিলে।
এতিয়া এই কথাখিনি লিখি থকাৰ সময়ত লেখাটোৰ আৰম্ভণিতেই উল্লেখ কৰা বাক্যশাৰী মৰ্মে মৰ্মে উপলদ্ধি কৰিব পাৰিছো। আৰু অনুভৱ কৰিব পাৰিছো যে আমি অলপ ত্যাগ কৰিলেই বহু খিনি লাভ কৰিব পাৰোঁ। মাথোঁ সেই যৎসামান্য ত্যাগ কৰাৰ ইচ্ছা কণৰ প্ৰয়োজন। মই মাত্ৰ এটা নিশাৰ (দৰাচলতে পুৱাৰ) নিদ্ৰা ত্যাগ কৰি যি প্ৰশান্তিৰ অনুভৱ কৰিলোঁ বহুতেই ইয়াক লাভৰ পৰা বহু দূৰৈত । একেদৰেই আন বহুতো বস্তু আমি ত্যাগ কৰাৰ ইচ্ছা কণ জাগ্ৰত কৰিব নোৱাৰাৰ বাবেই লাভ কৰিব পৰা নাই। এই ইচ্ছা যদি এবাৰ জাগ্ৰত হয় তেন্তে সফল কাম হোৱা নিশ্চিত।
"ক্ৰিং,,,,,,ক্ৰিং,,,,,,ক্ৰিং ,,," অহ মোৰ ম'বাইলৰ এলাৰ্মে মাত দিছে । পুৱাৰ সাতটা বাজিলেগৈ হ'বলা তেনেহলে আজিলৈ বিদায়।
পুনৰবাৰ লগ পোৱাৰ আশা
কৰিলোঁ।।
🖊️ সন্দিপনি তাছা
হাতীগড় চাহবাগিচা গড়মূৰ যোৰহাট-৭
দাদা, পঢ়ি বহুত ভাল লাগিল।
ReplyDelete