মা' সৰস্বতী পূজা আশিস ল'বলৈ বুলি ক'লে আমি আগতে এক/দুই সপ্তাহমান আগৰপৰাই আমাৰ উৰণীয়া মনবোৰ সাতখন-আঠখন হৈ আছিল। পূজাৰ দিনা খন কাহিলি পুৱাই শুৱা-পাতি এৰি গা-পা ধুঁই নানা তৰহৰ ফুল ছিঙাত ব্যস্ত হৈ পৰিছিলো, লগতে ঘৰৰ গৰুৰ গাখীৰ থাকিলে টো কথাই নাই! আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ফুল ছিঙা,ফুল নিয়া হৈওঁ যেন ক'ত কিমান কাজিয়া তথা প্রতিযোগীতা চলিছিল।
আজি দেখোন আমাৰ মনবোৰ উকা,সেমেকা উৰুঙা হ'ল! কিয় বাৰু? সকলো আধুনিকতাৰ দিশে ধাৱমান হ'লহি চেল্ফি। অৰ্থাৎ GF/BF ৰ প্ৰতিযোগিতা। কোন কাৰ লগত যাব, কোন প্ৰেমিকে প্ৰেমিকাক কি গিফ্ট দিব,,,আৰু ক'ত কিমান যে আলোচনা___
অতীতত সেই অতিবাহিত কৰা হাঁহি ফূৰ্তিবোৰ স্মৃতিৰ পাততে নিৰৱে নিৰবিছিন্ন হৈ সীমাবদ্ধ হৈ পৰিল.!
এইয়া বৰ্তমান সময়ৰ আধুনিকতাৰ পৃথিৱীত প্ৰতিচ্ছবি।
তোমাৰ জানোঁ মনত নপৰেনে, পূজাৰ দিনা আমি কাহিলি পুৱাই আহি কেনেদৰে সকলোবোৰ কাম বনৰ দায়িত্ব সহকাৰে অতি হেঁপাহেৰে কৰিছিলো, য'ত নাছিল কোনো কৃত্ৰিমতা___কিন্তু এতিয়া আৰু নাই সেই সময় আন্তৰিকতা ।
বৰ্তমান এই দুনিয়াত সকলো নিজস্বতাক চিনি জীৱন অতিবাহিত কৰা দুনিয়াত পৰিলহি'..!!
আৰু....পূজাৰ দিনা লগত কিন্তু কিতাপ লৈ আনিব পাহৰা নাছিলো কিয়নো কিতাপবোৰ পূজাৰীৰ হাতত জমা দিবলৈ যিটোহে হেতা-ওপৰা লাগিছিল আমাৰ মাজত কি কথা প্ৰকাশ কৰিব নোৱাৰোঁ।
সেইদিনা মায়ে আমাক সাতাম পুৰণীয়া কাপোৰ এযোৰ পিন্ধাই দিয়ে তাতেই যে কিমান ফূৰ্তি পাইছিলো নহয়।
সেয়ে হয়টো আজি শৈশৱলৈকে আকৌ ৰিঙিয়াই অতীতলৈ ঘূৰি যাব মন যায় য'ত আছিলে নিভাঁজ সোনোৱালী অতীতৰ স্পন্দনৰ মাদকতা সেই নিৰ্ভেজাল দুনিয়াখনত।
✍️চিন্ময় ডেকা
(ওডালগুৰি, টংলা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ