উৰণীয়া মন~মেৰী তিগ্গা

ৰং-বিৰঙৰ ফুলৰ মাজত
ভোমোৰাই মৌ পান কৰে,
নানা দিশত উৰি ফুৰে
সুন্দৰময় কৰি তোলে
নিজান বনত।
দূৰ দিগন্তত ভাঁহি  থকা
ভোমোৰাৰ নিচিনা,
আমাৰ মন পক্ষীটো
স্থায়ী হৈ ৰৈ নথকা মনটো
উৰণীয়া মন।
সাগৰৰ ঢৌ, বতাহৰ গতিৰে
নানা দিশত বৈ যায়
উৰণীয়া মনেও নানা গতিৰে
সূদূৰ কল্পনা জগতত
গুচি যায়।             

✍️ মেৰী তিগ্গা
       টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send