মোৰ বিৱৰ্ণ পোছাকৰ সিপাৰে-সৌৰভ কুমাৰ বৰুৱা

©Admin
0
একুৰীয়ামৰ তলিত বহি
পানীৰ চিয়াঁহীৰে লিখিছা
অন্য আকাশৰ অনৈস্পিত গীত ।

ভানুমতিৰ ছিদ্ৰৰে
আপোন আকাশৰ বাহিৰত দেখিছা
মৰাশৰ ওহঁ বিচাৰি এজাক ৰঙামুৱা ।

দৰ্শনে আঁকিব নোৱাৰে 
মানুহৰ সজল চিত্ৰ

মানুহে আঁকিব নোৱাৰে
স্বজাতিৰ ছবি

সময়ে আঁকিব পাৰে 
সময়ৰ ছবি ।

মোৰ বিবৰ্ণ পোছাকৰ সিপাৰে
তোমাৰ ৰংমিলিৰ ঘৰ ।

প্ৰাচীৰখন 
পাৰ হ'ব পাৰিলেই
দেখা পাবা
ইপাৰে আছে 
চকু চাট মৰা এটা
স্ফটিকৰ ঘৰ ।

✍🏻সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)