কোৱানা তোমাৰ চকুৰ ভাষাৰে
মনৰ মাজত চলি থকা গুপ্ত কথাটি
এই দুভাগ ৰাতি ,
হয়তো তোমাৰ অশ্রু নিগৰিছে
নতুবা তোমাৰ বুকু কম্পিত হৈ উঠিছে
অথবা তোমাৰ শব্দ !
অভাৱ ঘটিছে...
কিজানিবা তোমাৰ হাত...
কম্পিত হ'ব ধৰিছে ।।
উমাল বুকুৰ নীলা খামৰ চিঠিৰ
অশ্রুসিক্ত নয়নেৰে সাগৰ সদৃশ ,
বৈ আহিছে শব্দ জিঞ্জিৰি ;
কোৱানা তোমাৰ এই গোপন কথাটি ।।
গোপন হৃদয়ৰ নিজম কোঠালীত
বজাবানে তুমি শ্যামকানু...
সুৰৰ বাঁহী ; ফুলাব পাৰিবানে তুমি মোৰ হৃদয়ত ৰক্ত
গোলাপৰ পাহি ;
বিৰিঙাই থ'ব পাৰিবা তুমি
মোৰ হৃদয়ৰ সতেজ এমোকোৰা হাঁহি ,
এবাৰ আহি কোৱা তুমি ;
দিবানে ভালপোৱা প্ৰতিশ্ৰুতি ।।
✍🏻সত্যজিৎ হাজৰিকা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ