মাজৰাতি এটা সপোন দেখিলোঁ
অচিনাকি মানুহজনী আহিল,
চকী এখন পাৰি লৈ বহিল।
গল্প কৰিলে মোৰ লগত
প্ৰেমৰ গল্প
বিৰহৰ গল্প
বেদনাৰ গল্প
জীৱনৰ গল্প
অভিমানৰ গল্প।
তেওঁ এফালৰ পৰা দি গ'ল
হৃদয়ৰ বিৱৰণ,
বোধহয় মানুহজনীয়ে লৈ আহিছিল
এক অশান্ত মন।
জনালে বহু আৰ্তনাদ
কৈ গ'ল বহু অনুভৱ।
সম্ভৱতঃ মানুহ জনী আছিল
ধৰ্ষিতা,পতিতা,লাঞ্চিতা
নতুবা হেৰাইছিল তেওঁৰ
জীৱন বাটৰ উৰ্বৰতা।
✍️আজিজুৰ ৰহমান
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ