শিৰত জিলিকা
এবিধ অলঙ্কাৰ ৷
পৰম্পৰাগত ভাৱে চলি অহা
এক ধৰ্মীয় প্ৰথা ৷
পুৰুষে সেন্দুৰক সন্মান কৰিব লাগিব
তেতিয়াহে সেন্দুৰৰ মূল্য থাকিব ৷
যিগৰাকী পত্নীয়ে শ্ৰদ্ধা ভক্তিৰে সেন্দুৰ নামৰ অলঙ্কাৰ শিৰত পিন্ধিব ৷
তেওঁৰ পতিয়ে কোনোদিন তেওঁক
গোলাম বুলি ভাবিব নালাগিব
যিজন পতিৰ বাবে পত্নীয়ে শিৰত সেন্দুৰ লয়
সেইজন পতিয়ে পত্নীক মান , সন্মান ,
মৰ্যাদা ,মৰম ,বিশ্বাস দিব
পাৰিলেহে সেন্দুৰৰ মূল্য থাকিব ৷
নিজ পত্নী থাকোতে
পৰকীয়া প্ৰেমত মছগুল হৈ থকা পতি নামত
সেন্দুৰ ল'লে সেই সেন্দুৰক
পতিয়ে অপমান কৰাহে বুজাব ৷
বিবাহিতা নাৰীৰ চিন সেন্দুৰ
এজন পুৰুষে নামত বিয়া পাতি
যদিহে এশজনী উপ পত্নী ৰাখে
তেন্তে সেন্দুৰৰ মৰ্য্যাদা ক’ত থাকিব ৷
যেতিয়া বিবাহিতা নাৰী এগৰাকী ধৰ্ষিতা হয় ৷
যেতিয়া কাষৰ ঘৰত মদাহী পতিয়ে
পত্নীক গৰু পিটন দিয়ে তেতিয়া
সেন্দুৰৰ মৰ্য্যাদা দিবলৈ
কোনো ওলাই নাহে কিয় ?
কাজিয়া লাগি যেতিয়া পতিয়ে পত্নীৰ
শিৰৰ সেন্দুৰ মচি পিছতে ভাল হৈ
শিৰলৈ দৃষ্টি দি কয়
ইমান জেদী মাইকী মানুহ ৷
তেতিয়া সেন্দুৰৰ মৰ্য্যাদা ক’ত থাকে ৷
সেন্দুৰ বিবাহিত নাৰীৰ পবিত্ৰ অলংকাৰ
সকলো নাৰীয়ে জানে ইয়াৰ মৰ্য্যাদা দিব ৷
বৈবাহিক জীৱনৰ বিচ্ছেদ হোৱা সংসাৰ
সেন্দুৰে জোৰা লগাব নোৱাৰে
আৰু সেন্দুৰ নল'লেই যে
বিবাহ বিচ্ছেদ হ'ব তাৰ কোনো অৰ্থ নাই ৷
এখন সংসাৰ টিকি থাকিবলৈ
মনৰ মিলৰ প্ৰয়োজন ,বুজাবুজিৰ প্ৰয়োজন ৷
এৰাধৰা মাজেৰে চলাৰ প্ৰয়োজন ৷
শেষত কওঁ
সেন্দুৰ সকলোৰে বাবে অলঙ্কাৰ হওঁক
শিকলি নহয় ৷৷৷
✍️অনিতা গগৈ ৷
নগাঁও, জুৰিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ