চুটিগল্প-প্ৰতাৰণা~ পম্পী দুৱৰা

Rinku Rajowar
0
আইতা আপোনাৰ ঘৰ ক'ত ? ঘৰত কোন কোন আছে ? নতুনকৈ আশ্ৰমত কাম কৰিব অহা ছোৱালী জনীয়ে সুধা প্ৰশ্নৰ উত্তৰ দিবলৈ লৈ ৰূপহী বৰুৱা ঘূৰি  গ'ল তেওঁৰ অতীতলৈ।                      

মা,তোক এবাৰ ডাক্তৰক দেখাই আনোগৈ ব'ল,আজি কালি তোৰ গাটো সঘনে বেয়া হৈ থকা হৈছে। এনেকৈয়ে মাকক লৈ ওলাই আহিল চহৰৰ বিখ্যাত উকীল বিপ্লৱ বৰুৱা। হঠাতে এঠাইত গাড়ীখন ৰাখি মাকক নামিবলৈ ক'লে যে -বিশেষ কাম এটাৰ বাবে মই যাব লাগে ।তই অলপ ইয়াতে বহ,মই আধা ঘন্টা পিছত আহি আছো বুলি এখন দোকানৰ সন্মুখত নমাই থৈ গ'ল ।লাহে লাহে আবেলি হৈ আহিল ।পুতেক নহা দেখি চিন্তাত পৰিল ।দোকানলৈ অহা দুই -এজনে কোৱা- কুই কৰিলে পুতেকে চাগৈ বোজা বুলি ভাবিলে সেয়ে এনেকৈ এৰি থৈ গ'ল ।কোনোবা জনে ক'লে ঠিকনাটো সূধি ঘৰলৈ খবৰ দিওঁ।কথাবোৰ শুনি তেওঁৰ মূৰ ঘূৰাই পৰি গ'ল ।তাৰ পিছত কোনে আনি বৃদ্ধাশ্ৰমত থৈ গ'ল তেওঁৰ মনত নাই ।যি সন্তানৰ মুখ চাবলৈকে ৮ বছৰ ধৰি ক'ত কি দৰৱ খাইছিল,তাৱিজ-মাদুলি পিন্ধিছিল,নামঘৰ-মন্দিৰত শৰাই- চাকি দি ফুৰিছিল ,যাক পঢ়াবৰ বাবে হাতৰ-কাণৰ সকলো বিক্ৰী কৰাৰ লগতে দেউতাকৰ পৈতৃক ভেঁটিটোও বিক্ৰী কৰি টাউনত ঘৰ ভাৰা লৈ থাকিছিল, যাৰ ওপৰত ভৱিষ্যতৰ সকলো ভৰষা আছিল আজি তাৰ ডাঙৰ অট্টালিকাটোত মাকৰ বাবে অকণমান ঠায়ো নোহোৱা হ'ল ।বৰ বেয়াকৈ প্ৰতাৰণা কৰিলে।এনেকৈ ঠগিব বুলি এবাৰো ভৱা নাছিল।তাক ডাঙৰ কৰাত,শিকোৱা-বুজোৱাত ভূল হ'ল নে তাক জন্ম দিয়াটোৱে ভূল আছিল বুজি নাপালে।তেওঁ এতিয়া সেইজন পুত্ৰৰ মাক বুলি চিনাকী দিব পৰা সাহস নাই ।তেওঁৰ কোনো নাই কোনোবাই পাই বাটত এৰি গ'ল বুলিয়ে ক'ব।কোনো প্ৰয়োজন নাই তেনে কুলাংগাৰ পুত্ৰৰ মাক বুলি চিনাকী দিয়াৰ।তাৰ সলনি তেওঁৰ কোনো সন্তান নাই বুলিয়ে ক'ব ।        
         
        "আইতা কি ভাৱি আছে"-ছোৱালী জনীৰ মাতত বাস্তৱলৈ ঘূৰি আহিল ৰূপহী বৰুৱা ।ক'লে- "আপোন বুলিবলৈ, সন্তান বুলিবলৈ মোৰ কোনোৱে নাই ।"

🖋️পম্পী দুৱৰা ।
নামতি, শিৱসাগৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)