অমাতৰ মাত-অণুগল্প~যদুমনি গগৈ

Rinku Rajowar
0
যুগ্ম জীৱনৰ উত্তৰাধিকাৰী  এটি পুত্ৰ সংসাৰলৈ অহাৰ পিছত জেনুৰামে প্ৰতিজ্ঞা কৰিলে । আমাক আৰু পুত্ৰ-পুত্ৰী নালাগে । কেৰুণ উলিয়াই থৈয়া-নথৈয়া লাগি জেনুৰামে পত্নীৰ সৈতে মাত-বোল নকৰা হ'ল । প্ৰথম অনুমানিক, পিছত কাগজৰ টুকুৰা লিখি বাৰ্তালাপৰ অভাৱ পুৰালে । পিছত বহী এখন ব্যৱহাৰ কৰিলে । গতানুগতিক জীৱন অতিক্ৰম কৰি গৈ থাকিল । প্ৰায় ২১ বছৰ সিপাৰে ল'ৰাই গাৱঁৰে ছোৱালী এজনী লগত লেটিপেটি কৰা কথা , দুয়ো গম পালে । আলোচনা নকৰিলে নহয় । ইফালে দুয়ো অকতা, আকোৰ গোজ মনোভাৱ এজনো হাওলি দিব নিবিচাৰে । জেনুৰাম ধেমেলীয়া কমিক'ছ কমেদিয়ান অভিনয় কৰে । ফুলমতি গহীন-গম্ভীৰ;কথাৰ মূৰতহে কথা কয় । 
   এদিন দুপৰীয়া কিবা চাল-চলন আদপ-কাইদাবোৰ বেলেগ বেলেগ যেন অনুমান হৈছে - স্বামীক দেখি । ফুলমতীয়ে ভাৱিলে এওঁ কিবা মতি ভ্ৰম হৈছে নেকি? আলেঙে-আলেঙে তাই লক্ষ্য কৰি আছে । এনেতে ভিতৰৰ পৰা হাতলেম্প এটা জ্বলাই হাতত মেছি দা-খন লৈ আগ চোতালত কিবা-কিবি বিছাৰি ফুৰিছে । ফুলমতীয়ে ভাবিছে কিবা মদ,ভাং খাই আহিলে নেকী ? হয়নে আপুনি কি বিছাৰিছে-? মাত দিলে ! লগে লগে জেনুৰামে পালো ঔ ! পালো ঔ !! সেই টোকে বিছাৰি আছো বুলি জোৰেৰে চিঞৰি দিলে । 

         🖋️ যদুমনি গগৈ,গেলেকী
             জিলা-শিৱসাগৰ  (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)