আপোনাক মই~ হেমেন হাজৰিকা

0
আপোনাক...
মই ভাল পাইছিলো
এইবাবেই
আপুনি বিন্দুত আৰম্ভ হোৱা
এটা জলপ্ৰপাত আছিল  ।
পঢ়ি শেষ কৰিব নোৱাৰা
এখন কিতাপ আছিল
এটা অনিৰুদ্ধ গতি আছিল  ।

আপোনাক মই
ভাল পাব পাৰিছো
আপুনি পুৱতিৰ
কোমল ৰ'দালি হৈছে
উত্তাপেৰে ঢাকিছে আমাৰ গা  
আপোনাক মই
ভালপাব পাৰিছো এই কাৰণে
আপুনি এচাটি মৃদু সমীৰণ
ক্ষিতি
অপ
তেজ হৈ আপুনি
বিলাই আছে
আমাৰ বতৰা....সিহঁতলৈ  ।

মই আপোনাক
ভালপাই থাকিব পৰাকৈ
সেউজীয়া  ।
অতীতৰ পৰা ভৱিষ্যতলৈ
আপুনি সেউজীয়া হৈ থাকক
মই ভাল পাই থাকিবলৈকে  ।

( অনুজ প্ৰতীম অসমীয়া সাহিত্য চানেকিৰ মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ হাতত )

    🖋️হেমেন হাজৰিকা
           মিৰ্জা
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)