কুনান ৱা কৌফুকু~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
কুনান ৱা কৌফুকু....
( 苦難は幸福の門 )
দেউতাকৰ অকাল মৃত্যুৰ পাছত ধীৰাজৰ চৰম দূৰ্দশাপূৰ্ণ পৰিস্থিতি হ'ল ৷ ঘৰত বেমাৰী মাকৰ চিকিৎসাৰ খৰছ আৰু দেউতাকৰ মৃত্যুৰ পাছত পোৱা সামান্য পেঞ্চনখিনিৰ জমা-খৰছৰ অংকৰ মাজত তাৰ উচ্চ শিক্ষাৰ হাবিয়াস ক্ৰমশঃ  লুপ্ত পাবলৈ ধৰিছে ৷ আজি অহা মাকৰ বায়'পচি ৰিপৰ্টোৱে যেনে তাৰ হাবিয়াসৰ নাও খনকেই বুৰাই পেলালে ৷ ইফালে অন্ধ শাসন ব্যৱস্থাত কোটা লোভী ভণ্ড চহকী মানুহে চৰকাৰী জলপানিলৈ ল'ৰা-ছোৱালীক পঢ়াবলৈ সুবিধা পাই ৷ ধীৰাজ হতাশগ্ৰস্ত হৈ তাৰ ভবিষ্যত শিক্ষা সিমানতেই অন্ত পেলাই কাইলৈৰ পৰাই কিবা কাম বন এটাতে ধৰিব বুলি ঠিৰাং  কৰিলে ৷

ৰাতিপুৱাই উঠি টিভিৰ পৰ্দাত  জাপানীজ পৰমাণু বিজ্ঞানী চাওটোচি নাকাহীৰাই  ২০২০ বৰ্ষৰ এছিয়া মহাদেশৰ শ্ৰেষ্ঠ কনিষ্ঠ বিজ্ঞানীৰ বঁটা গ্ৰহণ কৰা সময়ত দিয়া ভাষণটোৱে  ধীৰাজৰ মনত যেন আশাৰ যোৱাৰ আনি দিলে ৷  জন্মৰে পৰা পলিঅ' দুৰাৰোগ্যত আক্ৰান্ত আৰু দহ বছৰ  বয়সতে ঘাতমাউৰা হোৱা নাকাহীৰাই তেওঁৰ বক্তৃতাত বাৰে বাৰে  কৈছিল মোৰ সফলতাৰ সঞ্জিৱনী মন্ত্র হ'ল  'কুনান ৱা কৌফুকু ন' মন' ( ইংৰাজীত Hardship is a gate to happiness ) ৷ অৰ্থাৎ  কষ্ট ই হ'ল সুখৰ দ্বাৰ ৷ কথা শাৰী বাৰে  বাৰে শুনাৰ পাছত 
ধীৰাজেও দেউতাকৰ সামান্য পেঞ্চনখিনিৰ লগত , সি ঘটিব পৰা পাৰিশ্ৰমিক ,মাকৰ চিকিৎসাৰ খৰছ আৰু তাৰ পঢ়াৰ খৰছ মিলাই দৈনিক জমা-খৰছৰ সমীকৰণটো সমাধান কৰিব লাগিবই বুলি দৃঢ় সংকল্প লৈ কাম এটা বিচাৰি ওলাই গ'ল ৷

◾চুমিন্দ্ৰ চৌধুৰী, নতুন  দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)