নিশিতাৰ প্ৰেম-অণুগল্প~ৰুমী কলিতা দত্ত

©Admin
0
নিশিতাৰ বিয়া...দূৰ সম্পৰ্কীয় মোমায়েক এজনে দৰা ঠিক কৰিছে ।
মাক-দেউতাকে তাইৰ মতামত জনাৰ কোনো প্ৰয়োজনবোধ কৰা নাই। তাই এজনী উচ্চ শিক্ষিতা ছোৱালী  ভাবিব পৰা শক্তি তাইৰ নথকা নহয়।
এদিন-দুদিনকৈ বিয়াৰ দিন চমু চাপি আহিছে তাই একো উৱাদিহ পোৱা নাই । ইফালে যোৱা পাঁচবছৰে তাই নীলিমক হৃদয় সপি দিছে... কিন্তু তাৰ চাকৰি-বাকৰি নথকাত কথাটো উলিয়াব পৰা নাই ।
 উগুল-থুগুল তাইৰ হিয়া ...আনফালে দোমোজা । উদুলি-মুদুলি বিয়াৰ ৰভাতলি ...চকুলোৰে ধৰিছে দেখোন বাট আগচি ।
অস্থিৰ মন...অশান্ত যৌৱন , সকলোৰে আনন্দে নধৰে হিয়া ।
কালিলৈ জোৰোণ তাই নীলিমক- - - ক'লে- নীলিম সিটো মূৰত নিমাতে ৰ'ল- - - । নীলিমৰ উচুপনি শুনি স্থিৰ হৈ থাকিব পৰা নাই নিশিতা ।তাই গধূলিলৈ নীলিমক মাতি পঠিয়ালে - - -।
হাতত সাৰে ভৰিত সাৰে ৰাতিলৈ নিশিতাই নীলিমৰ লগত পলাই যোৱাৰ সিদ্ধান্ত ল'লে - - - ।
পাহৰি গ'ল তাই সেইদিনা - - - মা-দেউতাকৰ বুকুৰ মাজত কটোৱা সেই উমাল সময়বোৰৰ কথা ...।


         🖋️ ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)