ডৰিয়লি ফাগুন -নীলপ্ৰতিম বড়া

©Admin
0
ডৰিয়লি ফাগুনৰ উপত্যকাত মই এজন উপভোক্তা
ধূলিয়লি পথৰ লঙঠা বিৰিখ
মুকুতাৰ আবেলিত শিমলু পলাশৰ প্ৰেম
কঁহুৱাৰ হাঁহিত মদাৰৰ ৰসাল যৌৱন

বৰ্ণিল ফাগুনৰ
এটি আলফুলিয়া প্ৰেমৰ কবিতা
নীলকণ্ঠ, প্ৰেমানন্দ,শিৰেজঁটাধাৰী মহাদেৱৰ আগমন, 
বনবিহগী কেতেকীৰ বিননি
 বিহুৱা কুলিৰ 
মৌ-মিঠা মাতেৰে বসন্ত জাননী

উন্মাদ ফাগুনৰ ৰাগীত 
হৃদয়ৰ শুকান মৰুভূমিত কেক্টাছৰ গঁজালি
আস , কলিজাটো কাঁইটে আবৰিছে

মই প্ৰেমত পৰিছোঁ সেন্দুৰীয়া ফাগুনৰ 
এধানি মালতীৰ চুবুৰিত 
ৰুণুজুনু নুকুৰৰ হালধীয়া সুৱাস
টনা চকুহালিত নিয়ৰৰ দলিছাৰ দুলনী

বাখৰকলিদৈ তোৰ বাবে থকা অৱশিষ্টবোৰ 
মমৰ দৰে গলি নিঃশেষ হৈছে 
সাহস নাই আজি ...
তোক উভতি আহিব ক'বলৈ 
তথাপিও,
ফাগুনৰ বাবেই চিলোৱা হৃদয়খন 
উৎফুল্লিত এক নতুনত্বৰ সন্ধানত 

ডৰিয়লি ফাগুনৰ উপত্যকাত মই এজন উপভোক্তা।

✍️নীলপ্ৰতিম বড়া 
যোৰহাট,টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)