জীৱন~কবিতা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
বিষাদেৰে ভৰা জীৱনতো
মুখত এমোকোৰা হাঁহি লৈ
আগবাঢ়ি যোৱা,
দেখিবা তোমাতকৈ যেন
সুখী মানুহ আৰু
কোনো নাই।
দুখৰ মাজতো সকলোৱে
প্ৰাণ খুলি হাঁহিবা,
তেতিয়াহে.......
সুখৰ মূল্য বুজিবা।
জীৱন ৰণত সদায়
বীৰ যুঁজাৰু হৈ যুঁজি যাবা
তেতিয়াহে.....
জীয়াই থাকি  ভাল লাগিব।
জীৱনটো মাথো এবাৰেই
সেয়েহে জীৱনৰ জুইকুৰা
যিমান ডাঙৰকৈ পাৰি জ্বলাবা
জীৱনক কেতিয়াও নঠগিবা
নহ'লে....
জীৱনেই এদিন তোমাক
আধা বাটতে ঠগিব।।

✍দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী
ঊষাপুৰ কোঁৱৰ গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)