অনুভৱৰ একলম~দীপা ফুকন

©Admin
0
তাইক লৈ এদিন নামঘৰ এটাত আয়োজিত দিহানাম প্ৰতিযোগিতাত বিদ্যালয়ৰ হৈ যোগ দি প্ৰথম পুৰস্কাৰ পাইছিল । বৰ বাধ্য ছোৱালী এজনীক নৱম শ্ৰেণীলৈ পঠাই কিছুদিন শূণ্যতা অনুভৱ কৰিলো। ঘৰুৱা দৈন্যতাক আওকাণ কৰি সুন্দৰকৈ শিক্ষাদিশত আগবাঢ়ি যোৱা মৰমলগা কণমানি জনী এতিয়া স্নাতক মহলা পালেগৈ । আজি চাৰিদিন মানৰ আগত হঠাৎ লগপাই গলো তাইক । সদায় হাঁহিথকা মিঠামুখৰ নামেই যাৰ মৈত্ৰী, মাতিলে কথা পাতিলো দুয়ো জনীৰে ভাল বেয়া । মাজতে ক'লে বাইদেউ ই -আলোচনীত কিবা এটা লিখিবচোন !মই এবাৰলে থমকি ৰ'লো ।কলো ভাবি চাম বুলি । তাই পুনৰ ক'লে কিবা অকণমান লিখিব ই- আলোচনীতহে। তেতিয়াহে নিজৰ নিৰক্ষৰতা কত উপলব্ধি কৰিলো। বগা কাগজত নীলা কলমৰ চিয়াঁহীৰ আখৰ কেইটা জানিব পৰা টোৱেই আজিৰ দিনত স্বাক্ষৰিক নুবুজায়। আমি তাহানিতে সপোন আৰু ছবি হে দেখিছিলো এতিয়া ছাত্ৰ ছাত্ৰীৰ পৰাহে শিকিলো ।মই ভালপাওঁ সেইসকলক,যি জীৱনৰ পথ বিচাৰে।যি জীৱনৰ অৰ্থ বিচাৰি পায়।চৰকাৰী বিদ্যালয়ৰ শিক্ষা লৈ নিজৰ নিজৰ ঠিকনা বিচাৰি ল'ব পাৰে।মই নৱপ্ৰজন্মৰ প্ৰতিজন শিশুক আন্তৰিক শুভেচ্ছা জনাওঁ প্ৰতি পলে পলে।  মনটো ভাল লাগিল বহুত ।  ই - আলোচনীখনে বৃহৎ সংখ্যক  পঢ়ুৱৈৰ সৃষ্টি কৰক,পাঠক সমাজক নতুন দিশৰ সন্ধান দিয়ক।  অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই -আলোচনীখন দীৰ্ঘস্থায়ী আৰু জনপ্ৰিয় হোৱাৰ কামনা কৰিছো ।

✒️দীপা ফুকন,
      চাৰিং,শিৱসাগৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)