ভালপোৱাৰ দিন~কবিতা-ববিতা শইকীয়া

©Admin
0
কথা এটা ক'বলৈ আছিল
আপোনাক....
আজি হেনো ভালপোৱাৰ দিন
ভালপোৱা বোৰ উদযাপন কৰা দিন
হয় জানো....
সেইয়া হ'লে চোন,
মোৰ বাবে প্ৰতিটো দিনেই 
ভালপোৱাৰ দিন
আপোনাৰ লগত প্ৰতিটো ক্ষণ
মোৰ বাবে হাজাৰটা ফাগুন
ভালপোৱাৰ দৰে ভালপাওঁ
ভালপোৱা সমান ভালপাওঁ
প্ৰেম কি নাজানো
জানো .... প্ৰেম জীৱনৰ অস্তিত্ব
উশাহ বোৰ শেষ হ'লে
আপোনাৰ উশাহেৰে
আকৌ জী উঠিম
ভবাই নাছিলোঁ
 হৃদয়খন 
আপোনাৰ নামেৰে
নামাকৰণ কৰিম ...।

✍ববিতা শইকীয়া। দেৰগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)