তোমাৰ হাঁহিয়ে কৰিছে আমনি,
বাৰে বাৰে একোকে নামানি।
প্ৰতিতো পল যেন তুমি তুমি লগা...
সেই মধূৰ ক্ষণ...,
কৃষ্ণচূড়াৰ তলত বহি ,
তোমাক কল্পনা কৰা কথাবোৰে...
বাৰে বাৰে মুখত হাঁহি বিৰিঙাই তোলে।
সেই অসীম আকাশৰ লগত
পতা কথাবোৰ, ভাৱনা বোৰ,
তুমি যেন সেই বিশাল আকাশ,
তুমি যেন সেই অসীম সাগৰ।
তুমি যেন মোৰ বুকুত উদয় হোৱা
অস্ত নোযোৱা সূৰ্য্যটো...।
প্ৰতিতো ক্ষণতে তোমাৰ কথাবোৰে আমনি কৰি থাকে!
তোমাৰ সেই মুখখনি ভাঁহি থাকে...।
✍️সুমন কুৰ্মী
Mazzaa..👍👍
ReplyDelete