আপুনি মাজে সময়ে আহি থাকিব,
মাজে সময়ে নহয় সঘনাই আহি থাকিব।
নাজানো কিয় আপুনি আহিলেই প্ৰকৃতিয়ে ষোড়শী গাভৰুৰ ৰূপ লয়;
হৈ যাব খোজে আবেগত বিহ্বল
আৰু কুৰঙ্গনয়নীৰ দেশৰ সেই কৃষ্ণচূড়াবোৰ যৌৱনা হৈ পৰে।
মোৰ অনুৰোধ ৰক্ষা কৰি
সঘনাই আহি থাকিব আপুনি;
অন্ততঃ এদিনৰ বাবে হ'লেও
আমাৰ ওঠঁত ফুটি উঠিব মিঠা হাঁহি।
✍️ হৰিপ্ৰিয়া বড়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ