নেপথ্যত বহু কথা~কবিতা-জহিৰুল ইছলাম

©Admin
0
সময়ৰ দৈন্যতাত বহু কথাই ৰৈ যায় ক'ব পৰাকৈ
হেৰুৱা অতীত বৰ্তমানৰ চাকনৈয়াত ধূসৰিত ভৱিষ্যত,
সময় পালেই ক'ম, আহিবা তুমিও 
কোনোবা শীতাৰ্ত গধূলি নতুবা বাৰিষাৰ ৰাতি
টুলুঙা নাওত উঠি ভটিয়াই যাম
সীমাৰ পৰা সীমান্তলৈ
দুয়ো মিলি লিখিম শব্দহীন ভাষাৰ ভাগৰুৱা ইতিহাস
অতীত পৃষ্ঠাত হেৰুৱা শব্দৰ পাণ্ডুলিপিখন আলফুলে
আনিবা ন-সাঁজেৰে
উঠে যদি জাগি তোমাৰ উৱলি যোৱা দস্তাবেজত
উঠিবলৈ  দিবা 
প্ৰেম অথবা বিচ্ছেদৰ অযুত তৃষ্ণা 
শংকা কিহৰ?
মেল খায় যদি খাবলৈ  দিবা বন্ধ দুৱাৰ
আপত্তি কিহৰ?
তলসৰা পাতবোৰে এনেও বিনায়
সুঁৱৰি অতীত মাধুৰী
প্ৰভাতী সমীৰণত জীৱনৰ সমীকৰণ 
কিছু সুবাসিত হওকে বা।

বহু অভিজ্ঞতা জীৱন্তে সমাধিস্থ হয় 
মনে নিবিচাৰিলেও
অপেক্ষা সময় আৰু সিদ্ধান্তৰ
বহু কথা, বহু পৃষ্ঠা।

জীৱনেও শিকায় নিশিকাকৈ বহু পাঠ
কিছু বুজি উঠে হৃদয়ে বিচৰাকৈ
কিছু ৰৈ যায় বুলি 'অবুজ সাঁথৰ'
জীৱন এক নিমিলা অংক।

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)