মনত আছে সেই দিনটো , যত আমি Facebook নামৰ পৃথিৱী খনৰ পৰা চিনাকি হৈছিলোঁ ১৫আগষ্টৰ দিনা সন্ধিয়া এটা voice ক্লিপ মেচেজ পাই। অলপ সময়ৰ পাছত মই মেচেজৰ reply কৰাত উত্তৰ আহিছিল স্বাধীনতা দিৱসৰ মেচেজ। মই ও উম বুলি কৈ সামৰিলো।
অলপ দিন পাছত মেচেজ আহিল ।চালো, ভাল বেয়া কত ঘৰ আদি পাতিলো। তেনেকৈ আমাৰ কথা পতা আৰম্ভ হৈছিল।লাহে লাহে কথা পতা বাঢ়ি গল। এনেকুৱা এটা সময় আহিল য'ত আমি এদিন কথা নাপাতিলে বেয়া লাগিছিল। এনেকৈ ফেচবুকত কথা পাতি দুমাহ মানৰ পাছত কলে ইমান দিন কথা হ'ল যেতিয়া আমি whatsapp number লৈ কথা পাতিব পাৰোঁ , মইও উম বুলি কৈ দিলো। তাৰ পাছৰ পৰা আমাৰ তাতেই কথা পতা হয়। এনেকৈ এদিন আমি লগ কৰা কথা কলো , দিন এটা ঠিক কৰি আমি সেইটো দিনতেই লগ হ'লো।
প্ৰথম লাজ লাগিছিল , অলপ সময় পাছত ইটো সিটো কথা পতা পাছত অলপ ফ্ৰি হ'লো ।এনেকৈ অলপ সময়ৰ পাছত মোৰ উভতিব হ'ল মনটো অলপ বেয়া লাগিছিল হ'লেও আহিলো তাক বাই কৈ ,তেওঁ গুচি গ'ল। ঘৰলৈ অহাৰ পাছত তাৰ কথাই মনলৈ আহি আছিল,ৰাতি টোপনি নাই চকুত।
এনেকৈ সময় বাগৰিল আমাৰ বন্ধুত্ব কেতিয়া প্ৰেমত পৰিবৰ্তন হ'ল আমি গমেই নাপালোঁ । তাৰ ওচৰত সৰু সৰু কথাত মই অভিমান কৰিবলৈ ললোঁ, কাজিয়া কৰো আমি, কিন্তু মোৰ খং , মোৰ অভিমান ভাঙি দিয়ে সোনকালে। এনেকৈ আমাৰ প্ৰেম আগবাঢ়িল কিন্তু কোৱা হোৱা নাছিল কোনেও কাকো ভালপাও বুলি। এনেকৈ আমাৰ প্ৰেমৰ এটা বছৰ সম্পূৰ্ণ হল।
এদিন ক'লে মোৰ কোনো চাকৰি নাই তোমাক কেনেকৈ ৰাখি খুৱাম। মইও কলোঁ কিবা এটা কৰা মই সদাই তোমাৰ লগত আছোঁ । ও বুলি কৈ বেলেগ কথা উলিয়ালে। এনেকৈ যোৱা পাছত এদিন চাকৰি খবৰ আহিল তাৰ । আগতে বোলে apply কৰিছিল কিন্তু একো খবৰ অহা নাছিল। সি খবৰ পাই মোক লগতে জনালে মই সেইদিনা সুখী হ'লো শুনি। সেইদিনা সি বহুত সুখী।
এনেকৈ অলপ দিন পাছত তাৰ জইনিং লেটাৰ আহিল , পষ্টিং গুৱাহাটীত দিছিল , কথাটো শুনি মোৰ মনটো মৰি গৈছিল, কাৰণ সি এতিয়া বহুত দূৰলৈ যাবগৈ, কিন্তু ভাল লাগিছিল সি এটা সংস্থাপন পালে। এতিয়া আমি আমাৰ সপোন বোৰ পূৰণ কৰিব পাৰিম , মা দেউতা হঁতক আমি কব পাৰিম আমাৰ সম্পৰ্কটোৰ কথা। এনেতে মাত আহিল হেল্লো, কি হল মাত নোহোৱা হল যে কি ভাবি আছা, মই কলো নাই একো নাই। বাকী কোৱা কেতিয়া যাবা গুৱাহাটী, সি কলে পৰহি যাম,মই কলো অ যোৱা এতিয়া পৰা কাপোৰ সামৰা নহ'লে পাছত থাকি যাব এইবুলি কৈ ফোনটো কাটি দিলোঁ।
সি যোৱা দিনটো আহি পালে মনটো বেয়া লাগিল । কান্দিলো সাৱটি ধৰি তাক কৈছোঁ তাত গৈ মোক পাহৰি নোযোৱা নহ, নিজৰ যত্ন লোৱা, ভালকৈ খোৱা- মেলা কৰিবা ,সদাই মা হঁতক আৰু মোক ফোন কৰিবা। বহুত মিছ কৰিম তোমাক, জোৰত সাৱটি Love you বুলি কৈ হাঁহি এটা মাৰিছো, সি কৈছে নাপাহৰো , সদাই ফোন কৰিম আৰু তুমি তোমাৰ যত্ন লবা।love you more এনেকৈ কৈ সাৱটি ধৰিলে। বাছ আহিল সি বেগ লৈ বাছত উঠিল ।বাই দিলোঁ তাক।
এনেকৈ সি যোৱা অলপ দিন হ'ল, সিও তাৰ কামত। আগৰ দৰে আমাৰ এতিয়া কথা পতা নহয়, সি দিনটো অফিচত থাকে , সন্ধিয়া আহি তাৰ ভাগৰ লাগে , আহি ফোন কৰি ভাল -বেয়া সুধি অলপ সময় যা তা কথা পাতি ফোন থৈ শুই যাও। এনেকৈ দিনবোৰ বাগৰি গৈ থাকিল। সকলো ঠিকে চলি আছিল।
সি তাৰ কামত ইমান বেছি ব্যস্ত হৈ গল যে খবৰ ল'বলৈ সময় নোহোৱা হ'ল? মনত হাজাৰ প্ৰশ্ন আহিছিল , কিন্তু আকৌ ভাবো কামৰ পৰা আজৰি পোৱা নাই কাৰণে খবৰ লোৱা নাই, আজৰি হলে নিজেই ফোন কৰিব, এনেকৈ এক সপ্তাহ পাৰ হ'ল, তাৰ কোনো খবৰ নাই ,মেচেজ দিলেও চাই থৈ দিয়ে কোনো উত্তৰ নাহে, ফোন কৰিলেও কাটি দিয়ে। এনেকৈ থকা পাছত সি দুদিন পাছত ফোন কৰিলে ভাল বেয়া সুধি ক'লে মোৰ ভাগৰ লাগিছে মই শুই থাকো কৈ ফোনটো কাটি দিয়ে, সেইদিনা তাৰ তেনেকুৱা আচৰণ দেখি বহুত বেয়া লাগিল কাৰণ ইমান দিনৰ পাছত ফোন কৰি কাটি দিলে , কান্দিলো সেইদিনা গাৰুটো সাৱটি , পাছদিনা ফোন কৰোঁতে বহুত দেৰি পাছত ৰিচিভ কৰি কলে মই অফিচত আছো কৈ কাটি দিলে , আৰু তাৰ পৰা কোনো ফোন মেচেজ নাই ,মই কৰিলেও একো উত্তৰ নাহে ।
বুজি পোৱা নাছিলো সি কিয় এনেকুৱা কৰি আছিল, ভাবিছিলো সি চাগে কামত বহুত ব্যস্ত তাৰ কাৰণে মোক সময় দিব পৰা নাই , এনেকৈয়ে নিজক নিজে সান্তনা দিলো।
সময় বাগৰিল , এদিন হঠাৎ ফোন টো ক্ৰিং..... ক্রিং... কৈ বাজি উঠিল মই দৌৰি গৈ দেখো তাৰ ফোন মনত এক বুজাব নোৱাৰা আনন্দ মুখত হাঁহি, ফোন টো ৰিচিভ কৰি কোৱা বুলি কৈ ৰলোঁ, সি ভাল বেয়া খবৰ লৈ মা দেউতা সকলোৰে খবৰ লৈ , অলপ সময় ৰৈ মোক কলে তোমাৰ লগত কথা এটা আছে , মই কলো উম কোৱা আকৌ সি হুমুনিয়া কাঢ়ি কলে মানে আমাৰ মানে..! মই কলো কি মানে মানে কৰি আছা সোনকালে কোৱা মই ৰৈ আছোঁ শুনিবলৈ, সি হা অ , মানে আমাৰ এই সম্পৰ্কটো.. মানে আমি ইয়াতে শেষ কৰিব লাগিব ! এনেকৈ কৈ সি ৰৈ গল , মোৰ মুখৰ পৰা মাত নোলোৱা হৈ গ'ল। হেল্ল শুনিছা,মই হা , এনেকৈ কৈ ,কি মানে কি কৈ আছা তুমি এইবোৰ, কিয় এনেকুৱা কৰিছা,তুমি জানা মই নোৱাৰোঁ তোমাৰ অবিহনে থাকিব। তোমাক কিমান ভালপাঁও । সকলো জানিও কিয় ?কি হৈছে তোমাৰ, কিবা হৈছে মোক কোৱা। কিন্তু এনেকুৱা কিয় কৰিছা।তুমি ধেমালি কৰিছা ন, কোৱা না কিবা এটা! সি কলে মই ধেমালি কৰা নাই যি কৈছোঁ যি শুনিছা সঁচা কৈছোঁ মই। আমাৰ এই সম্পৰ্ক এতিয়া পৰা ইমানতে শেষ। তুমি ভালে থাকা সদায় । এনেকৈ কৈ পি ফোনটো কাটি দিলে,মই লগে লগে ফোন কৰিছোঁ ফোন ছুইচ অফ ।বহুত চেষ্টা কৰিলোঁ তাৰ লগত আৰু কণ্টেক্ট কৰিব নোৱাৰিলো।
সকলো শেষ হৈ গ'ল মোৰ, সপোন, আশা, সকলো শেষ নিমিষতে, মোৰ সন্মুখত সকলো আন্ধাৰ হৈ গৈছিল, দৌৰি গৈ মাৰ বুকুত সোমাই সেইদিনা চিঞৰি চিঞৰি কন্দিছিলো। মায়ে বহুত সুধিলে কৰবাত দুখ পালোঁ নি? কিন্তু মই মাথোঁ কান্দিছো।
বুজিয়ে নাপালোঁ সি কিয় এনেকুৱা কৰিলে মোক , কিহৰ কাৰণত এনেকুৱা কৰিলে, তাৰ জীৱনত কোনোবা আহিল কাৰণে মোক আধা ৰাস্তাত এনেকৈয়ে সপোন , আশা দি এৰি গ'ল নেকি? একো উত্তৰ বিচাৰি নাপালোঁ।
কিয় এনেকুৱা কৰিলা মোক,কিয় আধা ৰাস্তাত এৰিলা এনেকৈ! কি দোষ আছিল মোৰ? চিঞৰি চিঞৰি সুধিব মন গৈছিল?
সময় গ'ল মইও স্কুল এখনত সোমালো, নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিলো, সকলো পাহৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই , জানো সময় লাগিব কিন্তু চেষ্টা কৰি আছোঁ।
ৰাতিপুৱা যাওঁ আবেলি আহি, মুখ হাত ধুই মায়ে চাহ দিয়ে খাই ৰূমতে সোমাই থাকোঁ।
মা দেউতা , ঘৰখন, বন্ধু , বান্ধৱী সকলো থাকিও , মোৰ ওচৰত একো নোহোৱা দৰে হৈ গৈছিল, আধৰুৱা হৈ গলোঁ মই! জীৱনটো উকা উকা লগা হ'ল! সকলো সময়তে হাঁহি থকা মুখ খনৰ পৰা হাঁহিটো চিৰদিনলৈ হেৰাই গ'ল! ইচ্ছা কৰিও হাঁহিবলৈ নোৱাৰা হলোঁ, সকলো কাঢ়ি লৈ গ'লা?
মোৰ প্ৰেম আধৰুৱা হৈ ৰ'ল। জীৱন নামৰ ঘড়ীটো কোনোবা এটা ঠাইত ৰৈ গ'ল!
অনুভৱ, স্মৃতি, প্রেম, বিশ্বাস সকলো এতিয়া ডায়েৰীৰ সাঁচি পাতত এক আধৰুৱা পৃষ্ঠা হৈ ৰৈ গ'ল ।
🖋️ভাগ্যশ্ৰী পাছনি
😢
ReplyDelete