মা-মফিজুল হক ভূঞা

মা আজি কেইবা দিনৰ পৰা তোমালৈ মোৰ বহুত মনত পৰি আছে | তোমাৰ মৰম সনা মাতটো মই নুশুনা আজি কেইবা বছৰেই হ’ল | তোমাৰ মাতটো শুনিবৰ কাৰণে মোৰ বৰ মন যায় | মাত্র এবাৰৰ কাৰণে…শেষৰ বাৰৰ কাৰণে |যদি স্বর্গত এটা টেলিফ’নৰ ব্যৱস্থা থাকিল হয় , মই দেউতাৰ মোবাইলৰ পৰা তোমালৈ মিছ কল মাৰিলো হয় |শেষৰ বাৰৰ বাবে তোমাৰ মাতটো শুনিবলৈ | যিদিনা তুমি আমাক এৰি গুচি গৈছিলা সেই দিনা মই স্কুলতে আছিলো | যোৱাৰ সময়ত তুমি এবাৰো মোক মাত লগাই ন'গলা | তুমি জানানে তোমালৈ মোৰ কিমান মনত পৰে |মই সদায় খেল পথাৰৰ পৰা আহি দৌৰ মাৰি ৰান্ধনীঘৰলৈ যাওঁ মা মা বুলি মাতি ভাবো তুমি হয়তো ৰান্ধনী ঘৰতেই থাকিবা….তোমাক বিচাৰি নাপাওঁ | সেমেনা সেমেনি কৰি ঘুৰি আহো , চকুলো মোৰ নিগৰি যায় |সেইদিনা ৰাতি ভয়ানক সপোন এটা দেখি জোৰকৈ তোমাক মাতিছিলো | সাৰ পাই তোমাক ওচৰত বিচাৰিছিলো , নাপালো, চকুলো মোৰ ওলাই গৈছিল | স্কুলৰ পৰা আহি মই সদায়ে তোমালৈ চিঠি লিখোঁ | পিছে মা তোমাৰ ঠিকনাটো মই নাজানো | তুমি ক’ত আছা মা …..|

✍️মফিজুল হক ভূঞা।
     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send