অভিনয়-চুটিগল্প- পুৰ্ণেশ্বৰী বৰুৱা

©Admin
0
 শাওণ মাহ৷ ধানখেতি কৰাৰ ভৰপক সময়৷ এই সময়খিনিত খেতিয়কসকল পথাৰৰ কামতে ব্যস্ত হৈ থাকিবলগা হয়৷ তাৰে কোনো এটা দিনৰ কথা৷ সেইদিনা পুৱা হয়তো ন মান বাজিছে৷ ৰ’দো বৰ চোকা হৈ ওলাইছে৷ শাওণীয়ে গোটেই ৰ’দখিনি বোকোচাত বান্ধি লৈ যেন কঠিয়া তোলাত ব্যস্ত৷ এনেতে কোনোবা ফালৰ পৰা ফিৰ্ ফিৰিয়া বতাহ এচাটি বৈ আহিল৷ উৎকট হৈ পৰা গৰমটো যেনিবা কিছু হ’লেও কমি আহিল৷ শাওণীয়ে তাইৰ গাটো কিছু জুৰ পৰা যেন অনুভৱ কৰিলে৷ ককাঁলত খুচি লোৱা চাদৰখনৰ খোঁচনিটো খুলি তাৰ আঁচলেৰে গালে মুখে বৈ অহা ঘামখিনি মচি লৈ তাই আকৌ কঠীয়া তোলাত লাগিল৷
 পানী কঠীয়া৷ গোৰোহা ডুব যোৱাকৈ কঠীয়াডৰা পানীৰে ভৰি আছে৷ বাওঁভৰিৰ সৰু গাঁঠিত কোব মাৰি মাৰি তুলি লোৱা কঠীয়াৰ পৰা বোকা মাটি বোৰ শাওণীয়ে চিটিকাই পেলাইছে৷ চিৰিপ্ চিৰিপকৈ হোৱা চিটিকনিৰ শব্দৰ লহৰে যেন তাইক সেই কাম কৰাৰ বাবে উৎফুল্লিত কৰি তুলিলে৷ 
 চাৰি কি পাঁচ আশি মান কঠীয়া তোলা হৈছেহে এনেতে হালি থকা ককাঁলতো পোনাবলৈ বুলি তাই থিয় দিলে৷ বতাহৰ ঢালে ঢালে হালি-জালি থকা কঠীয়াখিনিৰ পিনে চকু ফুৰালে৷ সেই অপৰূপ সৌন্দয্যৰ্ই শাওণীক বাৰুকৈয়ে আকৰ্ষিত কৰিলে৷ হঠাত শাওণীয়ে ‘সাপঐ..... সাপ, মোক খালে...ঐ’ বুলি চিঞৰ বাখৰ খন কৰিবলৈ ধৰিলে৷ তাই তাৰ পৰা আঁতৰি যাবলৈ বোকাত থেপ থেপাই দৌৰা আৰম্ভ কৰিলে৷ তাইৰ চিঞৰত আশে-পাশে হালবাই থকা, মাটি ৰুই থকা আটায়ে বোকা পানী ফালি তাইৰ কাষ চাপি আহিল৷ ভয়তে মাথো তাই ‘সেইডাল...সেইডাল’ বতাহৰ ঢালৰ পাকত ফেঁট তুলি উঠা সাপডালৰ পৰা পিনে দেখুৱাই দিলে৷ সেয়া আটাইৰে চকুত পৰিল, ক’লাও ক’লা, অতি ক’লা৷ হালোৱা এচাৰি হাতে হাতে, ভদিয়া ককাইদেউৰ হাতত কিন্তু এডাল হোলোঙা মাৰি৷ ‘ৰ...ৰ... কোনো নাহিবি, মইহে যাম৷’ হোলোঙা মাৰি লৈ মৰসাহসেৰে ভদিয়া ককাইদেউৱে ভয়ে ভয়ে সেই সাপডালৰ কাষ পাওঁ পাওঁ হৈছে৷ বতাহৰ ঢালৰ পাকত কলি ফেঁটীয়ে ফেঁট তুলি যেন ভদিয়া ককাইদেউৰ ফালে চোঁচা ল’লে৷ নাতি দূৰৈৰ পৰা ‘চাবি ঐ চাবি’ বুলি তাত থকা আটায়ে ভদিয়া ককাইদেউক সকিয়াই দিলে৷ ‘নাই...নাই... একো কৰিব নোৱাৰে’ গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভদিয়া ককাইদেউৱে হাতৰ হোলোঙা মাৰি ডালেৰে ফেঁট তুলি থকা সেই কলি ফেঁটীক একেটা মাধমাৰ কোবতে ওফৰাই দিলে৷ সেই সাপ উফৰি কঠীয়াডৰাৰ কাষতে বোকা দি থোৱা পথাৰ ডৰাৰ বোকাৰ ওপৰত পৰিলগৈ৷ আটায়ে জথৰ হৈ পৰি থকা কলি ফেঁটীক চাবলৈ কাষ চাপিল৷ কিন্তু....., সিমান কাষৰ পৰা নহয়৷ ডিঙি মেলি মেলি আটায়ে সাপডালক চোৱাৰ বাবে হৈ চৈ লগালে৷
 মঞ্চৰ নাটক ইতিমধ্যে যৱনিকা পৰিল৷ তাৰ পিছত যেন সকলো দৰ্শক ঘৰাঘৰি হোৱাৰ পথত৷ আৰম্ভ........, মুখে মুখে কোৱা-কুই কৰাৰ৷ ‘বাঃ কি কিচ্‌-কিচিয়া ক’লা....৷ নিশ্চয় ইয়াত চৰিবলৈ অহা পানী কাউৰীৰে পাখি হ’ব৷ ক’লা পাখিয়ে শাওণী আৰু ভদিয়া ককাইদেউহঁতক কমখন ভয় খুৱালেনে...! শাওণীৰ বুকুৰ ধপধপনি ছাগে এতিয়াও মাৰ যোৱা নাই যেনেই পাওঁ৷ যিকি নহওঁক ক’লা পাখিয়ে কিন্তু সুন্দৰকৈ কলি ফেঁটীৰ অভিনয় কৰি দেখুৱালে, তাক হ’লে নেমানি নোৱাৰি দেই .....৷

✍️পুৰ্ণেশ্বৰী বৰুৱা
নুনমাটি, গুৱাহাটী-২০   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)