কৃষকৰ নিনাদ-আজিজুৰ ৰহমান

©Admin
0
বালিৰ মৰুভূমিত যেতিয়া ফাগুনৰ পছোৱাই
কৃষকৰ সোণ গুটি উৰুৱাই লৈ যায় ,
সেই মুহূৰ্তত কৃষকৰ নিনাদ 
কেতিয়াবা শুনিছা ?
এমুঠি অন্নৰ বাবে মূৰৰ ঘাম মাটিত পেলাই কৰা
সেই শ্ৰমিক সকলৰ 
কি যে পৰিশ্ৰম !
কি যে সংগ্ৰাম !
আহাৰ-শাওণৰ বৰ্ষাৰ প্ৰকোপত যেতিয়া 
সোণ বৰণীয়া সোণালী পথাৰ খন
অনাকাঙ্খিত বন্যাৰ ঢৌৱে উটুৱাই লৈ জীর্ণ-শীৰ্ণ কৰে
সেই মুহূৰ্তত কৃষকৰ নিনাদ
কেতিয়াবা দেখিছা ?
আৰে তুমি কেনেকৈ বুজি পাবা...
সেই চৰ অঞ্চলৰ কৃষকৰ নিনাদ !
তোমাৰ চকুত অহংকাৰৰ চশমা ,
ভৰিত আঢ্যৱন্তৰ পাদুকা ,
কেনেকৈ বুজি পাবা তুমি
সেই কৃষক সকলৰ অসজ্জন ব্যথা ।।

✍️আজিজুৰ ৰহমান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)