শিকলিৰে বান্ধিব নোৱাৰা
সময়ক নেওচি
এনেদৰে গুচি যোৱাৰ কথা
কাহানিও নাছিল ,
আমাক শিলৰ দৰে
কঠিন হ’বলৈও শিকোৱা হোৱা নাছিল ৷
ধূলিয়ৰি বাটত নৃত্যৰ ছন্দ অঁকাৰ
বৃথা প্ৰয়াস কৰা হৈছিল ,
আচলতে তেনে নকৰিলে
ভিৰৰ মাজত হেৰাই যোৱাৰ
ভয়ে খুলি খুলি খাইছিল ,
সৈনিক হ’ব পৰাকৈ
কলিজাত সাহস থাকিলেও
মগজুৱে হৃদয়ক পৰিচালনা কৰাত
বাৰে বাৰে ব্যৰ্থ হৈছিল ৷
তথাপিও
এনেদৰে গুচি যোৱাৰ কথা নাছিল
অৱকাশ নাছিল কোনো মহীয়সীৰ
ৰখীয়া হোৱাৰ
চাব বিচৰা হোৱা নাছিল
বেনামী ছন্দৰ নৃত্যৰ আখৰা ৷
মই হয়তো ঠিকেই
অনুমান কৰিছিলোঁ যুদ্ধৰ ক্ষণ ,
আখৰাৰ উমান পাইছিলা তুমিও
মাত্ৰ
খবৰ বিচাৰি ফুৰা জনতাই বিচৰা মতে
কচৰৎ কৰিব পাহৰিলা তুমি
পাহৰিলোঁ আমি...
✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ