কোন মোৰ আপোন~গল্প-ৰুনিমিতা বৰা

©Admin
0
 ------চাওঁ এৰি দিয়ানা । মোৰ বহুত কাম আছে। 
------কিনো ইমান কাম আছে চাওঁ... অ'  মাৰ ঘৰলৈ যাবা টো মোক পাত্তাই দিব মন কৰা নাই ন?

      হাতখন আচাৰ মাৰি যাবলৈ ওলোৱা ইভলীনাক অলকেশে পাছফালৰ পৰা সাৱটি ধৰিলে।
----ধেৎ ...দুষ্টটো  এৰি দিয়া বুলি তাই তাৰ নাকটোত ধৰি জোকাৰি দি মুখখন ভেঙুচাই  পাগঘৰলৈ লৰ মাৰিলে।
সিও পাছে পাছে খেদা মাৰি গৈ  ঘৰ মচি থকা মিনতিৰ মখা-মুখি হোৱাত মূৰটো খজুৱাই খজুৱাই সেমেনা- সেমেনিকৈ খবৰ কাগজখন বিচাৰি ইভলীনাক চিঞৰিবলৈ ধৰিলে---
 ------ইভা , আজিৰ পেপাৰখন কি হ'ল? অথনিৰে পৰা বিচাৰি বিচাৰি মই হাইৰান হৈ গৈছো । ঐ মিনতি তহঁতে বস্তুবোৰ ক'ত সুমুৱাই  থৱ অ'!
 ----- সেইখন আপোনাৰ হাততনো কি ...?
 কথাকেইটা কৈ মিনতিয়ে ফিচিককৈ হাঁহিটো মৰা দেখি সি কৃত্ৰিম খং এটা দেখুৱাই সেইটোনো কি হাঁহিব লগীয়া কথা বুলি কৈ বেলকনিত আহি পেপাৰখন মেলি ল'লে।
আচলতে মিনতিক দেখি থতমত খাই পেপাৰখন যে হাতত আছে পাহৰিয়েই গৈছিল সি। 

    এনেকৈয়ে চলি আছে সিহঁতৰ সংসাৰ।ইজনে সিজনৰ সৰু সৰু সুখবোৰক ধৰি ৰাখিব বিচাৰে এনেকৈয়ে। ঘৰৰ পৰা চাই মেলি হোৱা বিয়াই আছিল সিহঁতৰ। মাক-দেউতাকৰ একমাত্ৰ সন্তান অলকেশ বৰ মৰম আকলুৱা। 
ইফালে তিনিজন ককায়েকৰ পাছত ঘৰৰ একমাত্ৰ ছোৱালী ইভলীনাও সকলোৰে আলাসৰ লাড়ু। 'মাটিত থলে পৰুৱাই খাব মূৰত থলে ওকনিয়ে খাব' কথাষাৰ তাইৰ লগত যেন একেবাৰে মিলি পৰিছিল।
উচ্চ শিক্ষিত ড০অলকেশ বৰুৱা কলেজৰ অধ্যাপক হিচাপে যোগদান কৰাৰ লগে লগেই ঘৰত বিয়াৰ বাবে ছোৱালী চোৱা আৰম্ভ হৈ গৈছিল। 
ইভলীনাই সেইবাৰ স্নাতকোত্তৰ ফাইনেল দি ঘৰলৈ আহিছিল। তেনেতে মোমায়েকেৰ লগৰ কোনোবাই অলকেশৰ বিষয়ে কোৱাত তেৱোঁ বায়েক- ভিনিহিয়েকৰ আগত তেওঁলোকৰ আদৰৰ ইভাৰ বিয়াৰ কথা উলিয়ালে। আঢ্যৱন্ত পৰিয়ালৰ  চৰিত্ৰই- পাতিয়ে ইমান ভাল ল'ৰা এটাকনো কোন মাক বাপেকে নিজৰ জোঁৱাই হিচাপে পাবলৈ মন নকৰিব! 
ইভাই প্ৰথমে আপত্তি নকৰা নহয় ।তাইৰমতে পি. এইচ ডি টো কৰি কিবা এটা চাকৰি , তাৰ পাছতহে বিয়া। সকলোৱে জোৰ কৰাত তায়ো ল'ৰাটোৰ লগত কথা বতৰা পাতি  লওঁ বুলি সন্মতি দিছিল। 
কিন্তু বিধিৰ বিধান কোনে খন্দাব? ল'ৰাক দেখা পায়ে বিয়া নহ'ও বুলি কৈ থকা ছোৱালী জনীয়ে  সকলো বোৰ মাক- দেউতাকৰ ওপৰত বুলিহে এৰি দিলে সকলো। তেওঁলোকেও বুজিলে মানে ছোৱালীৰ আপত্তি নাই।
আৰু অলকেশ , তাৰটো ছোৱালীক দেখিয়েই পছন্দ হৈছিল। কিয়নো নহ'ব ! ইমান অমায়িক , দেখা শুনাৰ ফালেতো ক'বই নালাগে  ,এনে সকলো ফালৰ পৰা উপযুক্ত ছোৱালী খুব কমেই পোৱা যায়।
এনেকৈয়ে খুব কম দিনৰ ভিতৰতে বিয়াখন হৈছিল সিহঁতৰ। 
মৰম,মৰম আৰু মৰম। অলকেশহতৰ ঘৰখনৰ মানুহবোৰে যেন কেৱল মৰমহে চিনি পায়। প্ৰত্যেক গৰাকী নাৰীৰ মনে কল্পনা কৰা ঘৰ এখনতকৈও কিজানি অলপ বেচিকৈয়ে মৰম পাইছিল তাই শহুৰেকৰ ঘৰখনত।
 সময় জানো কাৰোবাৰ বাবে ৰৈ থাকে? এবছৰ দুবছৰকৈ অলকেশ আৰু ইভলীনা বিয়া হোৱা পাঁচবছৰত ভৰি দিলেহি। দুবছৰলৈকে সিহঁতে কথাটো বৰ এটা চিন্তা কৰা নাছিল।কিন্তু সময়ৰ লগে লগে অলকেশতকৈও ইভলীনাক এটা কথাই বৰকৈ আমনি কৰিবলৈ ধৰিলে। 
-----অলকেশ, আমি নহ'লে আজি সন্ধিয়া ডাক্টৰ চৌধুৰীৰ  ওচৰৰ পৰা আহোগৈ ব'লা।
-----কিয় .. তোমাৰ গা বেয়া নেকি? ডাক্তৰ চৌধুৰীৰ কথা ক'লা যে!
---- নহয় অ' মোৰ হে চেক-আপ অলপ কৰাব লাগিছিল।
-----কিহৰ কাৰণে? 
----- বুজিও  অবুজনৰ দৰে কিয় কৰা তুমি। জানো, তোমাৰ মনত কোনো আক্ষেপ নাই।কিন্তু মা-দেউতাই কি বিচাৰে এবাৰ ভাবা তুমি। তেওঁলোকে মুখ ফুটাই একো নকয় হয়, কিন্তু মই জানো ,এই মানুহ হালে কিমান এটা আশা বুকুত বান্ধি ৰৈ আছে।কেতিয়া যে এটা ভাল খবৰ পাব বোৱাৰীয়েকৰ পৰা!
 ইভাৰ হাজাৰ বুজনিৰ পাছত সি মান্তি হৈছিল আৰু তাইক চহৰৰ আটাইতকৈ  নাম থকা গাইন'কলজীষ্ট ডাক্তৰ চৌধুৰীৰ ওচৰলৈ লৈ গৈছিল।
   ৰিপোৰ্ট দেখি তাইৰ মূৰৰ ওপৰত গোটেই আকাশখন ভাঙি পৰিছিল সেইদিনা। অলকেশৰ হাজাৰ বুজনিয়েও তাইক ক্ষান্ত কৰিব পৰা নাছিল। কান্দি কান্দি চকু উখহি গৈছিল। 
------- তুমি কিয় ইমান আবেগিক হৈ পৰিছা জান। মই জানো তোমাক মৰম দিব পৰা নাই? আমাৰ ল'ৰা-ছোৱালী নহ'লে নাই আৰু। আমি ইটোৱে আনটোৰ বাবে জীয়াই থাকিব নোৱাৰিম জানো? এই পৃথিৱীত কি আমিয়েই জানো এনেকুৱা দম্পতী যাৰ সন্তান নাইকিয়া!!
 প্লিজ, তেনেকুৱাখন নকৰিবাচোন। মই পাগল হৈ যাম। তুমি এনেদৰে নোখোৱা নোবোৱাকৈ থাকিলে মই কি শান্তিত থাকিম কোৱাচোন। মা-দেউতাই কি ভাবিব? তেওঁলোকেটো এইবোৰ কথা গম নাপায়। মোলৈ চোৱা, মই তোমাক কথা দিছো , তোমাক মই কেতিয়াও আমাৰ যে সন্তান নাই এইটো অনুভৱ কৰিব নিদিওঁ। তুমিও মোক কথা দিয়া আজিৰ পৰা তুমিও এই বিষয়ে যাতে একো কথা আৰু নুলিওৱা।
----- কিন্তু মাহঁতক কি ক'ম মই?
 -----তেওঁলোকে তোমাক কেতিয়াবা সন্তানৰ কথা কৈছে জানো?
----- নাইকোৱা।কিন্তু সকলোৱে জানো সেইটো আশা নকৰে!
 -----সেইবোৰ কথা সময়ত দেখা যাব।

সময় গৈ থাকিল। অলকেশ আৰু মাক-দেউতাকৰ ওচৰত সহজ হৈ থকা ইভলীনাজনীৰ বুকুৰ ভিতৰৰ ঘাঁডোখৰ কিন্তু দিন যোৱাৰ লগে লগে বহল হৈ গৈ থাকিল।  সকলোকে আচৰিত কৰি ছমাহৰ আগ -পিছকৈ দুবছৰৰ আগতে অলকেশৰ মাক-দেউতাক দুয়োজন ঢুকাল। ইভলীনাই আজিও ভাবি আচৰিত হয়  শাহুৱেকে বাৰু সঁচাই তাইৰ বিষয়ে একো নাজানিছিল নে তাই মনত কষ্ট পাব বুলি একো সোধা নাছিল!!
মাজতে তাই সন্তান এটা তুলি লোৱাৰ কথাও অলকেশৰ কান ছোৱাইছিল। কিন্তু কোনো পধ্যেই মান্তি নোহোৱা অলকেশক তাই আৰু একো নোকোৱা হ'ল ।অলকেশৰ মৰমতে হয়তো তাইৰ মনৰ মাজৰ ঘাঁ ডোখৰেও আজিকালি শুকাবলৈ আৰম্ভ কৰিছে। তথাপিও নিজে চেষ্টা কৰিলেও চাৰিওকাষে আগুৰি থকা মানুহ কিছুমানে আকৌ তেল -টেঙা ঘঁহি তাক পুনৰ পকাই পেলাইচোন।

   আজি বহুত দিনৰ মুৰত ইভলীনা মাকৰ ঘৰলৈ যাবলৈ ওলাইছে।  যোৱাবছৰ পূজাৰ বন্ধতে দুদিন থকাকৈ গৈছিল  অলকেশৰ লগত  । 
       কালি ৰাতি হঠাতে  অলকেশে মাকৰ ঘৰলৈ  যোৱাৰ প্ৰস্তাৱটো দিয়াত  তাই আচৰিত হোৱা নাছিল। আগতেও   সি তাইক কেইবাবাৰো লগ লৈছে , তাইৰহে আজিকালিচোন  কলৈও যাবলৈ মন নাযায়। চাৰিওকাশৰ  মানুহবোৰে যেন তাইকহে আগুৰি আগুৰি চাইছে , তাইক লৈহে যেন সকলোৰে উৎসুকতা ! 

     তথাপি  এইবাৰ তাইৰ  তাক না কৰিবলৈ মন নগ'ল ।  দহ মান বজাত চাহ-পানী খাই দুয়োজন  যোৰহাটত থকা  তাইৰ আপোন মাকৰ ঘৰখনলৈ  ৰাওনা হ'ল।
------ মালৈ ফোন কৰিছিলানে যাম বুলি? 
------ উম  .. ৰাতিপুৱা ঘৰতে দুবাৰ মাৰিলো ,নধৰিলে চোন। কালি ক'বলৈকো আহিম বুলি মই ভবাই নাছিলো যে! ৰ'বাচোন আকৌ এবাৰ কৰো।
----- হ'ব দিয়া নিজৰ ঘৰখনলৈহে যাবা, মা চাগৈ কিবা কামত ব্যস্ত আছে।
----- তথাপিও দুপৰীয়া পামগৈ যেতিয়া গম পালে ভাল হ'ব। নহ'লে আকৌ আমাৰ কাৰণে ভাত ৰান্ধিব লাগিব।
   অ'--- হেল্ল' মা ,  ফোন ধৰা নাই যে আজি...
অ'... দুটামানত পামগৈ। 
কিয়....
অ' আহিলোৱে আকৌ...
ঠিক আছে থোৱা।
মায়ে কিবা আমি অহা ভাল নোপোৱা নিচিনা লাগিল দেখোন!
------ তোমাৰ যে কথা ... কি হ'ল আজিকালি সকলোতে সন্দেহ যে!! একো নাই নিজৰ মাকে জীয়েক গ'লে বেয়া পায় নেকি? তাতে তুমি ইমান দিনৰ পাছত আহিছা।

   মাকৰ ঘৰৰ পদূলিত কেইবাখনো গাড়ী দেখি তাইৰ মনত কিবা এটা চেবালে ।  ঘৰত কি হৈছে, কিবা পাতিলে মোক নজনোৱাকৈ মায়ে থাকিবনে বাৰু?  মায়ে আজি পুৱা ফোন নধৰাৰ কাৰণ এইটোৱেই নহয়টো?

     ভাবি ভাবি তাই অলকেশৰ লগত  ঘৰলৈ সোমাই গ'ল।
গাড়ীৰ শব্দ শুনি  মাক আগফালে ওলায় আহিল।
-- ----- কি হ'ল মা ঘৰত ইমান মানুহ? কি পাতিছা ,ইমান মনে মনে !
দেউতাৰ বছেৰেকীয়া সকাম যোৱা মাহত হৈ গৈছে। আমাৰ ঘৰৰ কাৰো জন্মদিন ফেব্ৰুৱাৰীত নহয় বুলিয়েই জানো।
বাকৰুদ্ধ হৈ মাকে তাইক হাতত ধৰি ভিতৰলৈ আগবঢ়াই নিলে।

  ভিতৰত মামীয়েক, জেঠায়েককে আদি কৰি পৰিয়ালৰ  প্ৰায়বোৰ মাইকী মানুহকে বহি থকা দেখি তাই এইবাৰ আৰু আচৰিত হ'ল।
--- -আৰে.... চব ইয়াত দেখোন আজি? মইহে তাৰমানে একো গম নাপাওঁ। কি হৈছে মোকটো কোনোবাই কোৱা। মায়ে ও মুখৰে মতা নাই সোধোতে।
--------   সৰু বৌয়েৰৰ আজি   ন-মহীয়া সকাম।    সৰু মাহীয়েক জীনাই গুজুককৈ কোৱা কথাষাৰে তাইৰ কণমানি অন্তৰখন বেজিয়ে বিন্ধাদি বিন্ধিবলৈ ধৰিলে । তাইনো ইমান পৰ হল নে , সকাম নেলাগে বৌয়েক যে সন্তান সম্ভৱা তাইক সেইটোকে মাকে নজনালে।  অলপ সময় তভক মাৰি ৰৈ থাকিল ইভলীনা। তাৰপাছত  চিঞৰি চিঞৰি কান্দি কান্দি তাই মাটিতে বহি পৰিল। 
  
  মাকে কলে -- আই অ' মোক বেয়া নাপাবি । মইনো কি কৰিম । খবৰটো দিবলৈ ঘৰত সকলোৱে মোক মানা কৰা দেখিহে....! 

     হ'ব মা একো নক'বা আৰু। এষাৰতে কৈ নিদিয়া কিয় মই যে বাজী। মই আহিলে তোমাৰ বোৱাৰীৰ কিবা অমংগল হয় বুলি তুমি ভয় কৰিলা। মই তেওঁৰ সন্তান হ'ব বুলি জনা হ'লে তুমি মাতিলেও মই নাহিলো হয়। মই কাৰো অমংগল হোৱাটো নিবিচাৰো মা। মইতো কাৰো ঘৰলৈকে যাবলৈ নিবিচাৰো। অলকেশে মোৰ মনটো ভাল লাগক বুলিয়েই ইয়ালৈ আনিছিল। 

আন এটা কোঠাত কাৰোবাৰ সৈতে কথা পাতি থকা অলকেশে তাইৰ মাত শুনি দৌৰি আহি 
     তাইক আকোৱালি ধৰিলে। 
-- ----  ইভা  মনে মনে থাকা, নাকান্দিবা।  তুমি মোৰ  ,তোমাক মই ভালপাওঁ , মোৰ এই ভালপোৱা আজন্ম তোমাৰ বাবেই   ইভা। মোৰে ভুল আছিল মই তোমাক ইয়ালৈ জোৰ কৰি আনিছিলো। ব'লা আমি যাওঁ । তোমাৰ আপোন ঘৰখনে তোমাৰ বাবে অপেক্ষা কৰি আছে ..ব'লা। 
এবুকু সঁচা মৰমেৰে এগৰাকী পত্নীক আৱৰি -সামৰি  লৈ যোৱা অলকেশলৈ সকলোৱে চকুৰ পলক নমৰাকৈ চাই থাকিল।

✍ৰুনিমিতা বৰা,নগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)