ম’বাইল গেম আৰু নৱপ্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ~প্ৰবন্ধ-মানিক পাল

©Admin
0
এটা ইতিবাচক পৰিৱেশত এজন ব্যক্তিৰ কৰ্মক্ষমতা বৃদ্ধি হয় আৰু নেতিবাচক পৰিৱেশত এজন ব্যক্তিৰ কৰ্মক্ষমতা হ্ৰাস পায়।অসুখ-বিসুখ নোহোৱাটোৱে যেনেকৈ সু-স্বাস্থ্য নুবুজায় ,তেনেদৰে নেতিবাচক মনোভাৱ নোহোৱাটোৱে ইতিবাচক মনোভাৱ থকাটো নুবুজায় । ইতিবাচক মনোভাৱৰ ব্যক্তি গৰাকী বাৰমাহী ফলৰ দৰে । তেওঁ সদায় আদৰণীয় ।এজন ব্যক্তিৰ যেনেকৈ ইতিবাচক আৰু নেতিবাচক মনোভাৱ আছে, ঠিক তেনেদৰে বিজ্ঞানে আৱিস্কাৰ কৰা প্ৰতিটো বস্তুৰে ভাল-বেয়া , শুভ-অশুভ আৰু ইতিবাচক-নেতিবাচক দিশ আছে। বিশুদ্ধ মনোভাৱ লৈ বিজ্ঞানে আৱিস্কাৰ কৰা প্ৰতিটো বস্তু যদি আমি নিৰঞ্জন পথৰ মাজেৰে ব্যৱহাৰ কৰোঁ তাৰ পৰা আমাৰ উপকাৰ হে হ’ব ,অপকাৰ নহয় ।
       ম’বাইল গেমো বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত বিজ্ঞানে আৱিস্কাৰ কৰা এক অপৰিহাৰ্য্য অংগ। ম’বাইল গেম নহ’লে বৰ্তমানৰ নৱপ্ৰজন্ম চলিবই নোৱাৰে । বিজ্ঞানে আৱিস্কাৰ কৰা প্ৰতিটো বস্তুৰ দৰে ম’বাইল গেমৰো ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশে আছে । কিছুমান মানুহে ভাবে ম’বাইল গেম মানে অযথা সময় নষ্ট কৰা কিন্তু তেনে নহয় ম’বাইল গেমৰো কিছু উপকাৰিতা আছে যদিহে আমি তাক সঙ্গত পথৰ মাজেৰে সঙ্গত ভাবে ব্যৱহাৰ কৰোঁ । ম’বাইল গেমছৰ পৰা হ’ব লগা কিছু উপকাৰিতা তলত দিয়া হ’ল –
ক) _মনোৱস্থাৰ শ্ৰীবৰ্দ্ধন ::_ কিছুমান ম’বাইল গেমে আমাৰ মনোৱস্থাৰ শ্ৰীবৰ্দ্ধনত সহায় কৰে । কিন্তু এই ক্ষেত্ৰত সঠিক ম’বাইল গেম বাচনি কৰিব লাগিব ।মনোৱস্থাৰ শ্ৰীবৰ্দ্ধনত সহায় কৰা কিছুমান ম’বাইল গেম হ’ল -Alto’s adventure World of Goo, BIT ,zero epic win, Civilization Revolution ইত্যাদি ।

খ) মস্তিষ্কৰ শক্তি বৃদ্ধি কৰে :: কিছুমান ম’বাইল গেমে আমাক শিকায় কিদৰে শুদ্ধ পথ গ্ৰহণ কৰিব লাগে , মস্তিষ্কক ব্যস্ত ৰাখি স্থান সম্পৰ্কীয় সচেতনতা বৃদ্ধি কৰে ।এইধৰণৰ কিছুমান ম’বাইল গেম হ’ল -cross words puzzles,Sudoku ,Where's my water ,Mensa brain test ইত্যাদি ।

গ) সামাজিকতা আৰু একতা বৃদ্ধি কৰে :: যিবোৰ ম’বাইল গেম আমি অকলে খেলিব নোৱাৰোঁ লগৰ লগত লগ হৈ খেলিব লাগে ,সেইবোৰ গেমে আমাৰ সামাজিকতা আৰু একতা বৃদ্ধি কৰে। এনেধৰণৰ কিছুমান ম’বাইল গেম হ’ল -Mario Kart Tour ,Scrabble go ,kahoot! ,Words with friends ,Uno.uno! ইত্যাদি ।

ঘ) বহি: বিমূৰ্খতা আৰু আত্মমগ্নতা দূৰ কৰাত সহায় কৰে :: কিছুমান শিশুৰ আত্মমগ্নতাৰ ফলত সামাজিক বিকাশ সাধন নহয় ।যাৰ বাবে শিশুটোৱে মানুহৰ লগত কথা-বতৰাৰ পতাৰ সমস্যাৰ লগতে সামাজিক যোগাযোগ স্থাপন কৰাত অসুবিধা পায় ।এনে ধৰণৰ শিশুৰ বাবে কিছুমান ম’বাইল গেম বৰ উপকাৰী হয় ।যেনে ::Leeloo AAC,ABC kids , Tracing and phonetics ,Dino Tim , Harry Potter ইত্যাদি ।

ঙ) সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে :: কিছুমান ম’বাইল গেমে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ দি শিশুৰ সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে। এনেধৰণৰ কিছুমান ম’বাইল গেম হ’ল -Ispector Layton ,Brain Games ,world chums ,mind games ইত্যাদি ।

চ) সামৰ্থ্য বৃদ্ধি কৰে :: কিছুমান ম’বাইল গেমে সামৰ্থ্য বৃদ্ধি কৰে ।যেনে -Tug Wars ,Hunter Monster , Angry Birds ইত্যাদি ।

ছ) মনোযোগ বৃদ্ধি কৰে :: কিছুমান ম’বাইল গেমে মনোযোগ বৃদ্ধি কৰে ।
          ইয়াৰ উপৰিও ম’বাইল গেমে যুক্তিযুক্ততা বৃদ্ধি কৰে ,চকু আৰু হাতৰ সহযোগিতা বঢ়ায় , দ্ৰুত চিন্তা বৃদ্ধি কৰে আৰু গণিতৰ ক্ষমতা বৃদ্ধি কৰে ।

                        ম’বাইল গেমে যদিও বহু ধৰণে সহায় কৰে কিন্তু বৰ্তমান সময়ত ম’বাইল গেমৰ বেয়া প্ৰভাৱটোহে বেছিকৈ দেখিবলৈ পোৱা যায়।কাৰণ বৰ্তমান সময়ত নৱপ্ৰজন্মই ম’বাইল গেমক অৱসৰ বিনোদনৰ আহিলা হিচাপে ব্যৱহাৰ নকৰি ইয়াক জীৱনৰ এক অপৰিহাৰ্য্য অংগ হিচাপে হে ব্যৱহাৰ কৰে । ম’বাইল গেমক যদি সঠিক ভাবে ব্যৱহাৰ কৰা নহয় তেতিয়া হ’লে ই আমাৰ জীৱনলৈ ঘোৰ আমানিশা নমাই আনিব পাৰে। ম’বাইল গেমছৰ পৰা হ’ব লগীয়া অপকাৰবোৰ হ’ল – 
১) মনোযোগৰ অভাৱ :: অত্যাধিক ম’বাইল গেম খেলিলে ল’ৰা-ছোৱালীৰ মনোযোগ শক্তি কমি যায় । তেওঁৰ মনোযোগটো কেৱল ম’বাইল গেমৰ ভিতৰতে সীমিত হৈ থাকে ।

২)ক্ষোভ আৰু উত্তেজনা বৃদ্ধি পায় :: অত্যাধিক ম’বাইল গেম খেলিলে ক্ষোভ আৰু উত্তেজনা বৃদ্ধি পায়।যাৰ ফলত পিছলৈ গৈ সেইবোৰ ব্যক্তিৰ জীৱনত যন্ত্ৰণাৰ আঁউসী নামি আহে। ম’বাইল গেমছৰ প্ৰতি আসক্তি হৈ ঘৰত মাক-দেউতাকৰ লগতো দুৰ্ব্যৱহাৰ কৰা দেখা যায় ।

৩) টোপনিত অসুবিধা হয় :: অত্যাধিক ম’বাইল গেম খেলিলে টোপনিত অসুবিধা হয় । কাৰণ ম’বাইল গেমছৰ প্ৰতি ইমান আসক্ত হৈ পৰে যে সিহঁত গোটেই নিশা উজাগৰি থাকি ম’বাইল গেম খেলে । যাৰ ফলত শৰীৰে প্ৰয়োজনীয় বিশ্ৰাম নাপায় ।যাৰ ফলত সিহঁতৰ আচৰণতো পৰিবৰ্তন ঘটে আৰু দিনৰ ভাগত টোপনি অনুভৱ কৰে ।এইবোৰে সিহঁতক শাৰীৰিক ভাবেও দূৰ্বল কৰে ।

৪) আক্ৰমণমূলক মনোভাৱৰ বৃদ্ধি :: আক্ৰমণমূলক ম’বাইল গেমবোৰ বেছিকৈ খেলিলে ল’ৰা-ছোৱালীৰ মনোভাৱ আক্ৰমণমূলক হয় । সিহঁতৰ চিন্তা, অনুভৱ,আওভাওঁ আৰু আচৰণ আক্ৰমণমূলক হৈ পৰে ।
৫) সামাজিক জীৱনৰ পৰা আঁতৰাই ৰখা :: সৰুৰে পৰা ঘৰত বহি বহি অত্যাধিক ম’বাইল গেম খেলি থাকিলে তেনে ল’ৰা-ছোৱালী পিছত গৈ সামাজিক ভাৱে নিসংগ হৈ পৰে ।অন্য ল’ৰা-ছোৱালীৰ লগতো মিলিজুলি ভাল নাপায় ।অনবৰত ম’বাইল গেমত ব্যস্ত থাকি সামাজিক পৰিবেশৰ পৰা বঞ্চিত হয় ।

৬) কিছুমান ম’বাইল গেমে নৱপ্ৰজন্মক বাস্তৱিক আৰু কাল্পনিক জগতৰ মাজত আউল লগাই দিয়ে।
৭) অত্যাধিক ম’বাইল গেম খেলিলে স্বাস্থ্যৰ ক্ষেত্ৰতো বহু সমস্যা কঢ়িয়াই আনে ।যেনে -মেদবহুলতা ,পেশীয় সমস্যা ,স্নায়ু সংনমন ,আলস্য ,দৃষ্টি শক্তিৰ সমস্যা ইত্যাদি ।

৮) পঢ়া-শুনাৰ প্ৰতি অমনোযোগী হয় ।    
        
                     যদিও ম’বাইল গেম কিছু উপকাৰ সাধন কৰে , কিন্তু বৰ্তমান সময়ত নৱপ্ৰজন্মৰ ম’বাইল গেমৰ প্ৰতি থকা অত্যধিক আসক্তিয়ে সমাজত এক ব্যাধি নমাই আনিছে ।কাৰণ বৰ্তমানৰ নৱপ্ৰজন্ম কেৱল হিংসা আৰু আক্ৰমণমূলক ম’বাইল গেমছৰ প্ৰতি বেছি আসক্ত হৈছে ।যিবোৰত কেৱল হানি-খুঁচি মৰা , হত্যা,গুৰিয়া আৰু গুলী চালনা কৰা আদি ব্যৱহাৰ কৰা হয় । এই ধৰণৰ কিছুমান গেম হ’ল -PUBG ,clash of killing clans ,pokemo go ,Free fire ইত্যাদি ।বহু বাৰ মই নিজেই প্ৰত্যক্ষ কৰিছোঁ নৱপ্ৰজন্মক পঢ়া-শুনা, কাম-বন বাদ দি দিনে-নিশাই ক’ৰবাত জুম বান্ধি এইবোৰ গেম খেলি থকা । বহু বাৰ এনেও হয় যে এইবোৰ গেমৰ প্ৰতি আসক্ত হৈ সিহঁত উগ্ৰ ,হিংস্ৰ আৰু প্ৰতিবাদী হৈ পৰে ।ঘৰ বা সমাজৰ গুৰু-গোঁসাই নমনা হয় । কেতিয়াবা এনে পৰিস্থিতিও আহি পৰে যে বহু নৱপ্ৰজন্মই আত্মহননৰ পথ চয়ন কৰে ।    
                  ম’বাইল গেমছৰ প্ৰতি থকা এই আসক্তিৰ পৰা নৱপ্ৰজন্মক আমি সকলোৱে মিলি বাহিৰ কৰিব লাগিব ।কাৰণ বৰ্তমানৰ নৱপ্ৰজন্ম ভৱিষ্যতে গৈ আমাৰ দেশৰ নাগৰিক বা শাসনকৰ্তা হ’ব । এওঁলোকৰ হাততে আমাৰ দেশ চলিব ।এই ক্ষেত্ৰত আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব অভিভাৱকে । অভিভাৱক সকলে নিজৰ সন্তানৰ প্ৰতি নজৰ ৰাখিব লাগিব আৰু যিমান পাৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব লাগিব । অত্যাধিক ম’বাইল গেম খেলৰ পৰা নিজৰ সন্তানক আঁতৰাই ৰাখিব লাগিব আৰু নিজেও ম’বাইল ব্যৱহাৰ কৰাত সতৰ্ক হ’ব লাগিব ।এই ক্ষেত্ৰত চৰকাৰেও কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। যিবোৰ ম’বাইল গেম নৱপ্ৰজন্মৰ বাবে হানিকাৰক সেইবোৰ ম’বাইল গেম চৰকাৰে বন্ধ কৰি দিব লাগিব । সঁচাকৈয়ে বৰ্তমানৰ নৱপ্ৰজন্মৰ ম’বাইল গেমছৰ প্ৰতি থকা অত্যধিক আসক্তিয়ে মোক বৰকৈ চিন্তিত কৰে ।


✍মানিক পাল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)