চাকৰি~অণুগল্প-পম্পী দুৱৰা

©Admin
0
মা! মই চাকৰিটো নাপালো।
বেলেগে পালে।
ৰিণীৰ কথা শুনি মাকে ক'লে- কিয়? তোকটো চাকৰিটো দিম বুলিয়ে কৈছিল। 
কৈছিল কিন্তু তেওঁলোকে বিচৰা খিনি দিবলৈ মোৰ ক্ষমতা নাই।
তেওঁলোকে যোগ্যতাৰ ভিত্তিত চাকৰি নিদিয়ে।টেবুলৰ তলে মোটা অংকৰ ধন দিব পৰা জন বা তেওঁলোকৰ যৌন কামনা চৰিতাৰ্থ কৰিবলৈ নিজকে তেওঁলোকক সপি দিব পাৰিব লাগিব। মই নোৱাৰিলো মা!
চাকৰিৰ বাবে মই মোৰ দেহটো আনৰ হাতত সপি দিব নোৱাৰিলো।
নোৱাৰিলো মোৰ আত্মসন্মান হেৰুৱা কাম কৰিব।
তই চিন্তা নকৰিবি মা।
মই অন্য কিবা কাম যোগাৰ কৰি লম।
চাকৰি বিচাৰি মোক আৰু যাবলৈ নকবি মা।।

✍️ পম্পী দুৱৰা ।
নামতি, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)