হেৰুৱা বিচাৰি-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
হিয়া ৰিক্ত হৈ পৰে,
হেৰাই যোৱা জন মনত পৰিলে,
হিয়া ৰিক্ত হৈ পৰে,
সোনালী অতীত স্মৰণ কৰিলে ৷
হিয়া ৰিক্ত হৈ পৰে,
আইৰ বুকুৰ উমাল বিচাৰি,
হিয়া ৰিক্ত হৈ পৰে,
দেউতাৰ শাসনৰ ধমক সুঁৱৰি ৷
হিয়া ৰিক্ত হৈ পৰে,
বিচাৰি আইতাৰ নিচুকনিৰ কলি,
হিয়া ৰিক্ত হৈ পৰে,
শুনিবলৈ ককাৰ মুখত পৰীৰ কাহিনী৷
হিয়া ৰিক্ত হৈ পৰে,
পঢ়াশালিৰ স্মৃতি ৰোমান্থন কৰি,
হিয়া ৰিক্ত হৈ পৰে,
ভাবিলেই শৈশৱৰ অযুত ধেমালি ৷
হিয়া ৰিক্ত হৈ পৰে,
মনত পৰিলে সন্ধিয়াৰ শংখ ধ্বনি,
কাহানিবা ঘূৰাই পাম জানো,
সৌ সোঁনালী অতীতৰ মাধুৰী ৷

✍️চুমিন্দ্ৰ চৌধুৰী, 
নতুন দিল্লী ৷
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)