প্ৰেমিক হ'লেও আমি একো একোজন তপস্বী~কবিতা-পৰশ বৰা

©Admin
0
মোৰ প্রেয়সীয়ে বেলেগৰ লগত
"Valentine Day'ৰ সুখ উপভোগ কৰিব,
মইনো বেয়া পালে কেনেকৈ হ'ব,
কাৰণ
প্ৰেমিক হ'লেও আমি একো একোজন তপস্বী ।
আমাৰ তপস্যাৰ অন্ত হ'ব
মহাদেৱৰ বৰ লাভ কৰি
ৰাজ-সিংহাসনত বহিম,
আৰু তেওঁ হ'ব মোৰ স্বৰ্ণ অম্ৰাৱতীৰ
একছত্ৰী ৰাজ-ৰাজেশ্বৰী ।
কিন্তু,
তেওঁ বাৰু সেই সময়লৈকে
মোৰ বাবে কেনেকৈ অপেক্ষা কৰে ?
কাৰণ,
সেই সময়ত যদিহে তেওঁৰ সয়ম্বৰ পাতে
হয়তো কোনোৱে এযোৰ ধুনীয়া থুৰীয়া
কোনোৱে এডাল লাখুটি
অথবা কোনোৱে এটা খুন্দনা
উপহাৰ হিচাপে আগবঢ়াব ৷
মনৰ মানুহজনী আনৰ কাষত থাকিলে
খঙটো উঠিবই,
সেইবুলি তেওঁক চৈধ্যগোষ্ঠী উজাৰি
গালি দিলে জানো হ'ব??
অভিশাপ দিলেনো কি হ'ব !!
দোষটো তেওঁৰ নহয়
দোষ আমাৰ ভাগ্যৰ
কাৰণ,
জন্ম লৈয়ে আমি হৈ পৰিছো
একো একোজন ঘোৰ তপস্বী ।
দুখটো লাগিবই
সেইবুলি কোমল কলিজাখনত
পিয়লায়ে পিয়লায়ে সুৰা ঢালি দিলে
কিবা জানো লাভ হ'ব !
 হেৰা দুৰ্ভগীয়া প্ৰেমীসকল
এটা কথা মনত ৰাখিবা
ফুলনিৰ আটাইতকৈ সোনকালে ফুলা ফুলপাহেই
আটাইতকৈ সোনকালে মৰহি যায় ।
আমাৰ ফুলনিটো এদিন ৰঙা গোলাপ ফুলিব
আৰু সেইদিনা, 
আমাৰ কলিজাত কাঁইটৰ আঁচোৰ দিয়া 
"বনৰীয়া ফুল"পাহ মৰহিবলৈ আৰম্ভ কৰিব ।
পুনৰ কৈছোঁ
বিচলিত নহবা,
প্ৰেমিক হ'লেও আমি
একো একোজন তপস্বী ।

✍পৰশ বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)