ফাগুন-মীনা শৰ্মা

©Admin
0
ৰঙা নীলা হালধীয়া ফুলনি ডৰা
জক মকাই ফুলি আছে
অতি মনোমোহা !
নাহৰ তগৰ চম্পা আৰু শেৱালি
সুগন্ধি বিলাই ফুলিছে নাৰ্জী ।
ফুটুকা ফুটুকি পখিলা জাকে
ফুলৰ মৌ খায় উৰি ফুৰে 
ফুলে ফুলে ।
গুণ গুণ শবদৰে ভোমোৰা উৰে
ফুল দেখি বিভোৰ হয়
মৰমী সখীহঁতে ।
ফাগুনৰ মলয়া জাকে কৰে আমনি
মনটো উৰি যায় দূৰ দূৰণি ।


✍🏻মীনা শৰ্মা 
জগদুৱাৰ টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)