আঁ‌ৰৰ কৰুণ বাস্তৱ-অণুগল্প-অংশুমান ভূঞা

"ল'ৰাহঁ‌তৰ মাক-দেউতাকলৈ শ্ৰদ্ধা-ভক্তি বাৰুকৈয়ে শলাগিবলগীয়া। প্ৰতিবাৰেই বৰ আগ্ৰহেৰে বছৰেকীয়া সকামভাগ পাতি আদৰ-আপ্যায়ন কৰায়।" ভকতকেইজনে নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে।
    ঘৰটোৰ এচুকত পৰি ৰোৱা ধূলি-মাকতি,মকৰাৰ জালেৰে আবৃত ফটোখনত থকা যুগলবন্দীয়ে মাথোঁ উদাসভাৱে সকলো চাই ৰ'ল।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send