প্ৰতিশ্ৰুতি-জয়া বড়ি

©Admin
0
‌   প্ৰতিশ্ৰুতি
-------------------


ব্যাকুল আজি মন মগজু
ভ্ৰমৰ দৰেই শব্দকোষ ৰ মাজত,
তোমাৰ স্বচ্ছতাক বিচাৰিছোঁ।
মই কেৱল তোমাৰ প্ৰেমিকাই নহয়;
অনুৰাগীও হ'ব খোজোঁ।
নীলিম আকাশৰ দোপালপিতা
বৰষুণ জাকৰ মাজতে
বেসুৰা সুৰ ঢালি চমক দিব খোজোঁ অংকুৰিত সেউজীয়াত।

কাঁচিয়লি জোনাকত
শব্দ সুৰৰ মায়াজাল বান্ধি,
কল্পনাৰ পাখি মেলি সোণোৱালী
সৰগ বিচাৰোঁ।
স্বপ্নৰ ছন্দে ছন্দে
গৰ্জিব মংগল ধ্বনি,
তোমাক লৈ কোনো আক্ষেপ নাই;
তুমি ভবাতকৈ বহু গুণে পৃথক
অনুৰোধ কেৱল প্ৰশ্ন নকৰিবা দুনাই।
সপোনৰ পানচৈ মেলি জোনাকৰ মুকুতা বিচাৰি,
ভূৱন ভূলোৱা হাঁহিত
নীলা চিয়াঁহীৰে
উদং জীৱনৰ বাস্তৱ ভেদি
পূৰ্ণ কৰিব খোজো;
তোমাক দিয়া প্ৰতিশ্ৰুতিত।


জয়া বড়ি
বোকাখাত ৰজাবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)