নুশুনো মই বাঁহীৰ মাত-টংকেশৰ পাঠৰী

নুশুনো মই বাঁহীৰ মাত
- -- -- - -- - - - - -- - - --   টংকেশ্বৰ পাঠৰী। গোলাঘাট।

নিজানত ক'ৰবাৰ বাঁহী এটা
বাজি আছে,
ওৰে ৰাতি মোৰ বুকুলৈ 
শেলবোৰ মাৰিছে ।
মই নুশুনো নুশুনো সেই বাঁহীৰ মাত

মোৰ জন্মদাত্ৰী আয়ে জানে
পিতায়ে বুজি পাই সেই কথা
মোক ওচৰৰ পৰা পাই সিহতে;

ওৰেৰাতি মোৰ চোতালত নিশাৰ
কুঁৱলীয়ে বাহ বান্ধিছিল
ওৰেৰাতি সেমেকা উশাহত  মোৰ
শিতানৰ গাৰু তিতিছিল,
ওৰেৰাতি মোৰ ঘৰৰ কদম জোপাৰ ফুলবোৰ
সৰিছিল,
ওৰেৰাতি এটা চৰায়ে বিনাইছিল,
ওৰেৰাতি বাঁহীটো বাজিছিল।

কেতিয়াবা আয়ে আহি হাতবুলাই দিয়ে
মোৰ মূৰত,
 পিতায়ে  বুজনি দিয়েহি ,
মোৰ দুখতো
মোৰ সুখতো তেওঁলোক মোৰ
আই-পিতাই।

কেতিয়াবা বাঁহীলৈ  পুতৌ হয় মোৰ
বেছেৰা !
মোৰ দৰে সিও নিকৰুণ
মোৰ দৰে সিও দুখত কান্দে
তাৰো অন্তৰখন মোৰ দৰেই কোমল।

সি জোকায়
সি নিচুকাই
সি বুকুত বগুৱাবাই
আগ- গুৰি নেচায়।

 নিজানত ক'ৰবাৰ বাঁহী এটা
 বাজি আছে
 ওৰেৰাতি মোৰ মনৰ নীলাচলৰ বুকুৱে  
বামাৰলি নামিছে।
দুভৰিৰ  খোপনি  হেৰাইছে,
ওৰেৰাতি  বুকুৰ মোৰ কাঞ্চনজংঘা
কঁপিছে।
আৰু কঁপিছে ...
মই নুশুনো নুশুনো সেই বাঁহীৰ মাত.. !

                  ০০০০০০

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send