অনুৰাগ য'ত আৰম্ভ হয়~কবিতা-হেমেন হাজৰিকা

©Admin
0
বালি ভাতৰ বতৰত
   সুমথিৰা বেলিৰ
   ৰ'দ কাঁচলি
  আলফুলে দুগাল বোলাই
  সিঁচি দিছিলো
  মনৰ তেজী ঘোঁৰাৰ দুভৰিত |

  অনুৰাগ -- আকাঙ্খাই
  বাটে পোৱালী মেলা পথেৰে
  বগোৱা বাই নদীৰ মেহনাত
  ঠিকনা হেৰুৱাইছিল  |

  আনন্দৰ জোঁৱাৰ -- ভাটাই
  ক'ত জানো
  ক্লান্ত হৈছিল  ?
 এসাগৰ ভাগৰ বুকুৰত লৈ
 শুকুলা ঘোঁৰাই
 লগাম এৰিছিল
 চিৰ পৰিচিত সেই ঠাইত
 য'ত আৰম্ভ হয়
 একঘেয়েমী প্ৰাত্যহিকতা
  নিৰবছিন্ন একেই সময়  ||

   ✍হেমেন হাজৰিকা
          মিৰ্জা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)