নীলা খামৰ চিঠি~জহিৰুল ইছলাম

©Admin
0
বিশ্বাসহীন জীৱন আৰু সাৰহীন কাঠ 
প্ৰয়োজন পূৰণ হ'লেই জুইশালত সোমায়
অপেক্ষা ছাই হোৱা লৈ "
মানুহ প্ৰয়োজনৰ প্ৰিয়জন নহয়তো???

মৰমৰ 
           নীলাভ,
                   হৃদয় নিঃসৃত এবুকু মৰম ল'বা যদি তোমাৰ অনুভৱে স্বীকাৰ কৰে। সময় এতিয়া মাজনিশা। মেজত ছেদেলি-ভেদেলি হৈ থকা কিতাপৰ দম। তাৰ তলত অনাদৃত ভাবে পৰি থকা এখন দিনপঞ্জী। বহু বছৰ আগতে লিখা। মই তেতিয়া কলেজত পঢ়ি আছিলো। বৰ হেঁপাহৰ দিনপঞ্জী আছিল সেই সময়ত। বছৰৰ প্ৰথমটো দিন। এটা শতিকা গৰকি আন এটা শতিকাৰ প্ৰথমটো বছৰ-২০০০। তাৰিখৰ শেষত 2k লিখা।মোৰ বাবে সেয়া আছিল নতুন অভিজ্ঞতা। এৰি অহা অতীতে কেতিয়াবা আকৌ ৰিঙিয়াই মাতে কলেজৰ বাৰাণ্ডা নতুবা শ্ৰেণীকোঠাৰ চাৰিবেৰ পাৰ কৰি কেণ্টিনৰ আড্ডালৈ। 
             সিদিনা আছিল কাতিৰ কুঁৱলী সনা ৰাতিপুৱা। ওৰে ৰাতি নতুন বছৰৰ উচাহত উজাগৰে হৰ্ষোল্লাস। কোনোবা যদি নাচিছিলে কোনোবাই আকৌ বেসুৰীয়া সুৰত হিন্দী গীতৰ আখৰা। এক হুলস্থূলীয়া পৰিবেশ। মাজতে ফটকা আতচবাজীৰে নৱবৰ্ষক আদৰণি। পুৱা ১০ বজাত পোষ্ট মাষ্টাৰৰ মাতত টোপনি ভাঙিল। এটা পাৰ্ছেল মাৰ্কিন কাপোৰৰ মেৰিয়াই চিলোৱা। আথে-বেথে খুলি ল'লো! এখন চিঠি আৰু এখন উপন্যাস "সূৰয মূখীৰ স্বপ্ন"।বেনামী চিঠি। চিঠিৰ ভাজত বহু কথা। অলপ চিন্তা অলপ উৎসুকতা। ভাবি পোৱা নাই কোন এই চিঠিৰ প্ৰেৰক। তাৰ পিছত পাৰ হৈ গ'ল বহু নৱবৰ্ষ। বহু বসন্ত। চিঠিয়েও ঠিকনা হেৰুৱাই নাহিল দ্বিতীয়খন চিঠি।
           বিজ্ঞানৰ অগ্ৰগতিত হেৰাই গৈছে বহু পৰম্পৰা। নৱবৰ্ষত গ্ৰীটিংছৰ দোকানত হেতাওপৰা,ডাকোৱালৰ টিলিঙাবাদন, চিঠিৰে খবৰ লোৱা প্ৰথা এতিয়া মিউজিয়ামত সংৰক্ষিত, নষ্টালজিক ইতিহাস। ডাকোৱাল ব্যস্ত এতিয়া আধাৰ কাৰ্ড,পানকাৰ্ড,চেকবুক বিতৰণতহে। আধুনিকতাই যদিও পৃথিৱীখনক হাতৰ মুঠিত আনি দিছে, মূহুৰ্তত এজনে আনজনৰ খবৰ ল'ব পৰাকৈ সুবিধা দিছে আনহাতে কাঢ়ি লৈছে আন্তৰিকতা এজনৰ লগত আনজনৰ। দহ বছৰৰ মূৰতো যদি কোনো আত্মিয় ঘৰলৈ আহে আলহী খাবলৈ, নাথাকে তাত উৎসুকতা আন্তৰিকতা। যেন প্ৰতিদিনেই লগ পোৱা কোনোবাহে আহিছে আলহী খাবলৈ। সকলোৱে ব্যস্ত নিজক লৈ।সময় নাই কাৰো স'তে আন্তৰিকতাৰে এষাৰি মাত দিবলৈ। এইবোৰ ভাবি নিজৰ মাজতে প্ৰশ্ন উত্থাপন হয়। আমি মানু্হ নে মানুহ ৰূপী যন্ত্ৰ? 
           আজি হেৰাই যোৱা পৰম্পৰা আকৌ জীয়াই তুলিবলৈ তোমালৈ মোৰ এই দীঘলীয়া চিঠি লিখাৰ কচৰৎ। আশাকৰোঁ তুমি সহৃদয়েৰে পঢ়িবা। তোমাৰ ব্যস্ততাৰ পৰিধি যদিও সীমাহীন তথাপি। কিজানি হেৰুৱাব ধৰা শব্দৰ টোপোলাটোৱে আকৌ ভৰি উঠে আবেগ নতুবা আশাৰ সেউজীয়াৰে!
            তুমি এৰি যোৱা আজি বহু বছৰ হ'ল। শুনিছোঁ তুমি বিয়াও পাতিলা। বিয়া পাতি সংসাৰী হ'লা। এজন পুত্ৰ সন্তানৰ পিতৃ তুমি। সংসাৰৰ ব্যস্ততাই তোমাক পাহৰাই ৰাখিছে অতীত পৃষ্ঠাৰ বহু কথায়। এদিন লগ নাপালে এবছৰ যেন লগা অনুভৱবোৰ এতিয়া সন্ন্যাস লৈছে। হয়তো সময়ে পাহৰাই দিলে "ৰীতা" নামৰ ছোৱালীজনীৰ কথা। যাক তুমি কলেজীয়া জীৱনৰ একমাত্ৰ সাৰথি বুলি ভাবি দেখিছিলা ভৱিষ্যতৰ বহু সপোন। তোমাৰ সপোনবোৰ যে শুই দেখা টোপনিৰ ভ্ৰম আছিল সেয়া ধৰিবই পৰা নাছিলোঁ। আজি এটা যুগ গৰকি আন এটা যুগৰ মাজ নিশা। তোমাৰ স্মৃতি সঞ্চিত দোলনাখন দুলি দুলি বোৱাই দিছে অশ্ৰুধাৰা। হাতৰ আঙুলিৰ মাজত থিয় দি থকা কলমটোৱেও লিখিব খোজা নাই হেৰুৱা অতীত। কিজানি আৰ্তনাদত বিদীৰ্ণ কলিজাখন স্তব্ধ হয় চিৰদিনলৈ। লিখিমেই বা কি ?অৰ্থই বা আছে ক'ত? সেয়ে ইতি টানিলো। কুশলতা কামনাৰে
 
পুন:---
অনুভৱৰ দীপ্ত শিখাত আবেগৰ মিতিৰালি
হৃদয়ৰ বোঁৱতী সোঁতত উৎসুকতাৰ কোৱাল সোঁত
য'ত উটি যায় মোৰ সজাল ধৰা নিশাবোৰ 
ধ্বংসস্তুপত এক বৰ্ণিল আবদাৰ
আবদাৰত---"
নকওঁ----"
যদি নিৰ্বোদ দুচকু
আবেগৰ দোকোল-ঢঁকা বান
ভাৱনাৰ নীলাম্বৰত আত্মিক উচুপনিত
উমি উমি জ্বলিছে তুমিহীনতাৰ শংকাজুই

এজাক ধুমুহাই গচকি যোৱা এটি নিশা
ইয়াত এটি পঁজা আছিল---! 
এতিয়া-------!
                 তোমাৰ পৰিত্যক্ত
                          ৰীতা
                      নিঃসংগ ভৱন।

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)