পথৰুঘাটে ৰিঙিয়াই~ৰুনু দেবী শর্মা

Rinku Rajowar
0
হেৰাই যাব ধৰা কলিজাৰ
ধপধপনিবোৰে নাঙলৰ শীৰলুত
ৰৈ যোৱা আত্মাবোৰে ৰিঙিয়াই মাতে
পথৰুঘাটত সোণগুটি বিচৰা 
 বাপুকণহঁতে,
শত-শত শ্বহীদৰ কেচা তেজবোৰে
জীয়া আত্মাবোৰক চিঞঁৰি চিঞঁৰি কয়
আমাৰ কলিজাত তোমালোকৰ 
নাম লিখা আছে, হে কৃষকগণ!
তোমালোকে নাতিদূৰৈৰ পৰাই 
আমাক মাতি যাব নাপাহৰিবা
সেই জীয়া সপোনবোৰত তেজৰ দাগ
  গোট খাই  চিৰলা-চিৰিল দিছে
তোমাক মাতিছো এই গহ্বৰৰ পৰা
 আমাক মুক্ত কৰি দিয়া, 
অহৰ্নিশে মাতে সেই তেজৰ 
 চেকুৰাবোৰে, 
হায়! দোষ কি সিহঁতৰ খাটি খোৱা
  কৃষকৰ,হায়!পথৰুঘাট
  ক'ত গ'ল জীৱন- যৌৱন
কিয় হ'লো মই পথহাৰা!!

     ◾ ৰুনু দেবী শর্মা,গুৱাহাটী
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)