“৯” অংকৰ গাণিতিক মজা

Rinku Rajowar
0
প্রথম নিয়মঃ দুটা অংকৰ যিকোনো এটা সংখ্যা লওক, যাৰ দুয়োটা অংকই বেলেগ । অর্থাৎ ০০, ১১, ২২, ৩৩, ৪৪, ৫৫, ৬৬, ৭৭, ৮৮ আৰু ৯৯ বাদ দি বাকি যি কোনো সংখ্যাকে আপুনি ল’ব পাৰিব ।

যেনেঃ ১৯

দ্বিতীয় নিয়মঃ এতিয়া এই দুটা অংক দিয়ে এটা বৃহত্তম আৰু এটা ক্ষুদ্রতম সংখ্যা তৈয়াৰ কৰা ।
যেনে ৯১ আৰু ১৯

তৃতীয় নিয়মঃ এতিয়া বৃহত্তম সংখ্যাটিৰ পৰা ক্ষুদ্রতম সংখ্যাটি বিয়োগ কৰা ।
যেনেঃ (৯১ – ১৯) = ৭২

এতিয়া আপুনি বাৰে বাৰে ২য় আৰু ৩য় নিয়ম কৰি থাঁকিলে অতি সোণকালেই আপুনি ৯ পায় যাব ।
১০০%ই মই গেৰাণ্টি দি ক’ব পাৰিম যে আপুনি ‘ন’ পাবই। চাওক তেনেহ’লে…..

৭২ – ২৭ = ৪৫
৫৪ – ৪৫ = ৯
মজা লাগিল নে!

২য় উদাহৰণ চাওকঃ এইবাৰ ৫৩ ক লৈ আৰম্ভ কৰা যাওক ।

৫৩ – ৩৫ = ১৮
৮১ – ১৮ = ৬৩
৬৩ – ৩৬ = ২৭
৭২ – ২৭ = ৪৫
৫৪ – ৪৫ = ৯

৩য় উদাহৰণ চাওকঃ এইবাৰ ০৬ ক লৈ চেষ্ঠা কৰো ।

৬০ – ০৬ = ৫৪
৫৪ – ৪৫ = ৯

ইয়াত আৰু এটা মজাৰ বিষয় হৈছে – প্রতিটো বিয়োগফলক ৯ ৰে বিভাজ্য কৰিব পাৰি ।
যেনে (২য় উদাহৰণৰ পৰা) ১৮÷৯ = ২, ৬৩÷৯ = ৭, ২৭÷৯ = ৩, ৪৫÷৯ = ৫, ৯÷৯ = ১ ইত্যাদি।


ভাৰতীয় গণিতবিদ D. R. Kaprekar ১৯৪৯ চনত এই operation-টি আৱিষ্কাৰ কৰে । তেওঁৰ নাম অনুসাৰেই আজি গণিতৰ জগতে একে নাম Kaprekar’s operation বুলি কোৱা হয়। এই যি বৃহত্তম সংখ্যাৰপৰা ক্ষুদ্রতম সংখ্যাটি বিয়োগ কৰা হৈছে তাক কোৱা হয়- “Kaprekar’s operation”। Kaprekar’s operationৰ মাধ্যমে সমস্ত আশ্চর্য সংখ্যাবোৰ পোৱা যায়, সেয়ে গণিতৰ জগতে “Kaprekar’s constant” নামে পৰিচিত। সেই হিচাপেই আমাৰ ৯ অংকটো এটা “Kaprekar’s constant”। চলিত বহু সময়ত “Kaprekar’s constant” লৈ বিস্তাৰিত আলোচনা চলি আহি আছে । এই কামটো বহুত আগবাঢ়িছে, নিশ্চই প্ৰকাশৰ মাধ্যমত পোৱা যাব কোনো এদিন ।

আকৌ চোৱাঃ ১÷১১ = ০. ০৯০৯০৯০৯০৯০৯০৯০৯০৯ = ০+৯ = ৯।

২÷১১ = ০. ১৮১৮১৮১৮১৮১৮১৮১৮১৮ = ১+৮ = ৯।

৩÷১১ = ০. ২৭২৭২৭২৭২৭২৭২৭২৭২৭ = ২+৭ = ৯।

৪÷১১ = ০. ৩৬৩৬৩৬৩৬৩৬৩৬৩৬৩৬৩৬ = ৩+৬ = ৯।

৫÷১১ = ০. ৪৫৪৫৪৫৪৫৪৫৪৫৪৫৪৫৪৫ = ৪+৫ = ৯।

৬÷১১ = ০. ৫৪৫৪৫৪৫৪৫৪৫৪৫৪৫৪৫৪ = ৫+৪ = ৯।

৭÷১১ = ০. ৬৩৬৩৬৩৬৩৬৩৬৩৬৩৬৩৬৩ = ৬+৩ = ৯।

৮÷১১ = ০. ৭২৭২৭২৭২৭২৭২৭২৭২৭২ = ৭+২ = ৯।

৯÷১১ = ০. ৮১৮১৮১৮১৮১৮১৮১৮১৮১৮১ = ৮+১ = ৯।

১০÷১১ = ০. ৯০৯০৯০৯০৯০৯০৯০৯০৯০ = ৯+০ = ৯।

এনেকৈ মাত্র ১১ৰ গুণিতক সংখ্যাবোৰ (১১,২২,৩৩….) ক এৰি অন্য যিকোনো সংখ্যা ল’লেই ৯ পোৱা যায় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)