হেৰাই যোৱা সপোনবোৰ বিচাৰি
উভতিব বিচাৰো তোমাৰ কাষলৈ,
হেৰাইযোৱা দিনবোৰ-
আজিও যেন আছে মোৰ বুকুত।
চালো ,আজিও তুমি তেনেদৰেই আছা।
যেনেদৰে এৰি থৈ গৈছিলো।
হয়তো মোক তুমি খুব ভালপোৱা ন?
মইহে বুজি নাপালো....
আজিও যদি মোকেই ভালপোৱা
এবাৰ মাতি চোৱা,
আকোঁৱালি লোৱা...আমাৰ
সেই হেৰুৱা দিনৰ সপোনৰ গানবোৰ।।
✍উৎপল মৰাং
দেৰগাঁও, গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ