সমুদ্ৰৰ সলিল ৰাশি-হেমেন হাজৰিকা

©Admin
0
শিলৰ বুকুত ৰাম নাম
সেতু বন্ধনে
সীতা উদ্ধাৰ |

মইও দলিয়াইছোঁ শিল
শিলো নুপঙিল
প্ৰতিমাৰো জানো কি হ'ল |

সূৰুয উঠা পৰৰে পৰা
বিলৰ পাৰত বহি
শিলবোৰ পানীকে খুৱালো
অৰুণিমাৰ খোপাৰ
আবেলি আবেলি গোন্ধে
বালি ঘৰলৈ আমন্ত্ৰণ দিলে |

সমুদ্ৰৰ সলিল ৰাশি
ধুমুহাত কঁপেনে ৰাতি |

ওপঙা শিলৰ সাঁকো
ভাবি ভাবি
আজি কঁপি উঠো ৰাতি
কিহৰ বেদনাত
অৰুণিমাক আজিও
নাপালো বিছাৰি ||

✍🏻হেমেন হাজৰিকা
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)