জুই-পংকজ কুমাৰ দাস

©Admin
0
জ্বলা জুইকুৰা
নুমাব নিদিবা
খাণ্ডৱ দাহ হৈ
জ্বলক এই জুই
চল চাতুৰিত
নাযাবা ভোল
জ্বলাই ৰাখা এই জুই
ছদ্মবেশী শতৰুৰ
পোছাক খুলি 
চোৱা এবাৰ
দেশ সভ্যতাৰ কাল শতৰু
ইহঁত শেনৰ এজাত
জ্বলা জুইকুৰা
নুমাব নিদিবা
হিটলাৰ , মুচলিনীৰ
সন্তান আহিছে
দেশপ্ৰেমৰ ভুৱা পোছাক পিন্ধি
আগভেটি ধৰা
নকৰা হেলা
এইখন দেশ
আমাৰ দেশ
জাতিৰ নামত
ধৰ্মৰ নামত
আমি নিপিন্ধো
সাম্প্ৰদায়িকতাৰ বেশ
জ্বলা জুইকুৰা
নুমাব নিদিবা
শংকৰ আজান
জ্যোতি বিষ্ণুৰ
একতাৰ বাণীৰে
আমি উজলাম
আমাৰ মাতৃভূমি
চেনেহী জননী
বিভেদৰ বৰবিহ
উভালিম
আমি সমস্বৰে গাম
এই দেশ মোৰ দেশ
ধৰ্ম ব্যৱসায়ীৰ ঠাই
নাই তাত জাতিৰ
অহংকাৰে লয়
পাব তাত
হয় , জ্বলা জুইকুৰা
নুমাব নিদিবা
জাগে জাগে
মহাকাল
তিমিৰ বিনাশি
এই ধৰা কৰিম আমি
ফৰকাল
জ্বলা জুইকুৰা
নুমাব নিদিবা


✍🏻পংকজ কুমাৰ দাস
জু ৰোড, গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)