মানবতা হেৰাই যাব খুজিছে নেকি ?~মানস প্ৰতীম মালী

Rinku Rajowar
0
✍️ মানস প্ৰতীম মালী । 
ঠিকনা :- বৰিহাট , মিৰ্জা 



এই আধুনিক যুগত আমি সকলো সলনি হৈ গৈ আছোঁ । যুগৰ লগত মিলাই আমিও নিজকে সলাই পেলাইছো‍ঁ ।
আমি নতুনত্ব বিচাৰি ফুৰো।
কিন্তু নতুনত্বৰ পাছত দৌৰি 
পুৰণাবোৰক পাহৰি যোৱাটো 
বেয়া । কাৰণ সময়ৰ লগত আমি সলনি হৈছোঁ কিন্তু প্ৰকৃতি একেবাৰে সলনি হোৱা নাই ‌। বহুতেই কয় যে , আজিৰ দিনকাল সলনি হৈছে , কিন্তু আচলতে দিনকাল সলনি হোৱা নাই , সমযৰ লগে লগে সলনি হৈছে আপোনি ।  আজিও সূৰ্য পূৱফালেই উদয় হয় , আজিও দিনৰ পাছত ৰাতি হয়  , আজিও গছে আমি নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছেই গ্ৰহণ কৰে । গছৰ তলৰ মুকলি বতাহজাকতকৈ AC ৰ বতাহ কেতিয়াও ভাল হব নোৱাৰে ।
সাধুকথাৰ কিতাপ পঢ়ি বুজি সাধুটো বুজি পালে মনত যিটো আনন্দ লাগে , মোবাইলত ভিডিও চাই সেই একে আনন্দ কেতিয়াও পাব নোৱাৰে । এদিন সকলো মানুহৰ লগত কথা পাতি ভালপোৱা মানুহবোৰো এদিন সময়ৰ লগত সলনি হৈ আনৰ আগত অহংকাৰ কৰে । কিছুমান মানুহে আশা নকৰা বস্তু এটা পাই গলে অহংকাৰ কৰে , কিন্তু অহংকাৰ কৰি জানো কিবা লাভ আছে । মৃত্যুৰ দিনা জীৱনত কৰা সকলো অহংকাৰ পুৰি চাই হৈ যায় । বহু মানুহে আজি নিজক লৈ ব্যস্ত , আনৰ বাবে তেওঁৰ অলপো সময় নাই । অত্যন্ত ধনী কিছুমান মানুহেও দুখীয়া মানুহ এজনক কেইটামান টকা দিব টান পাই । সেইবোৰ মানুহে মাত্ৰ নিজক চিনি পায় । 
কিছুমান মানুহে আকৌ ধনী মানুহক বেছি গুৰুত্ব দিয়ে , কিন্তু এইটো কিয় কৰে , 
বাকী আমাৰ দৰে দুখীয়া মানুহবোৰৰ টকা নাই বাবে আমাক গুৰুত্ব নিদিয়ে  , আমাৰোটো এটা মন আছে ।
আজিকালি এজন লৰাই দামী বস্তু এটা লোৱা দেখিলে , আন এজন লৰাৰ এটা বস্তু থকাৰ পাছতো আৰু  তেনেকুৱা আন এটা  বস্তু লব আগ্ৰহী হৈ পৰে । কিছুমান মানুহৰ লগ , বন্ধুৰ লগত হোটেলত বহু টকা খৰচ কৰিব পাৰে , কিন্তু এজন দুখীয়া মানুহক দহ টকা দিব টান পাই । সকলোৱে আজি মাত্ৰ নিজৰ কাৰণে জীয়াই আছো । দিনটোত ২৪ ঘণ্টাৰ মাত্ৰ ৫ মিনিট সময় আনৰ কথা চিন্তা কৰিবচোন , আপোনি উপাৰ্জন কৰা টকাৰ এক শতাংশ দুখীয়া মানুহক দান কৰিবচোন  , আপোনি তেতিয়া মনত বুজাব নোৱাৰা আনন্দ পাব । মানবতাক হেৰাই যাব নিদিব । সময় যিমানেই সলনি নহওক কিয় , মোৰ কথা ভবাতকৈ এবাৰ আমাৰ সকলোৰে 
কথা ভাবিব , তেতিয়াই আপোনিও আনৰ দুখৰ সমভাগি হব পাৰিব । 
সময়ৰ লগত আমি আমাৰ সকলো সলাই পেলালেও নিজৰ মনটোক কোনোদিনে সলাব নালাগে ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)