ফাগুন-দুলুমনি শৰ্মা

মই ফাগুন ভালপাঁও 
ফাগুন অহাৰ সময়তে 
তোমাৰ সৈতে মোৰ গোপন বাৰ্তালাপ।
তোমাৰ ঘৰৰ পৰা মোৰ পদূলিলৈ
শিমলুবুলীয়া এটা দীঘল বাট।
শিমলু ফুলবোৰ দেখুৱাই
তুমি কৈছিলা  অহা ফাগুনত তোমাৰ মোৰ বিয়া !
মোৰ নামত কপাল হ'ব তোমাৰ ৰঙা।
এয়া চোৱা ৰঙা ৰংবোৰ পিন্ধি 
ফাগুন পুনৰ আহিছে চোতাললৈ !

✍️দুলু মনি শৰ্মা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send